26 C
Guwahati
Thursday, September 16, 2021
More

    লকডাউন আৰু অসমৰ শিক্ষা ব্যৱস্থাত ইয়াৰ প্ৰভাৱ

    লকডাউন আৰু অসমৰ শিক্ষা ব্যৱস্থাত ইয়াৰ প্ৰভাৱ

    শুভেচ্ছা শৰ্মা

    অতিজৰে পৰা শুনি আহিছো বা শুনিবলৈ পাওঁ যে, শিক্ষাৰ ভেঁটি যদি সুদৃঢ় হয় তেতিয়া এখন সমাজ পংগু হোৱাৰ পৰা ৰক্ষা পৰে। মানৱ জীৱনৰ মূল চালিকা শক্তি এই শিক্ষা ব্যৱস্থাটো আজি নিজেই নিঃশেষ হোৱাৰ পথত। ইয়াৰ মূল কাৰণ আমাৰ পৃথিৱীখনৰ হঠাতে হোৱা স্তব্ধতা।

    বৰ্তমান সময়ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যদি আমি শিক্ষা ব্যৱস্থাটো চাবলৈ যাওঁ তেতিয়া ভাৰতবৰ্ষৰ অগ্ৰগতি পুতৌ লগা। ভাৰতবৰ্ষৰ কথা আলোচনা কৰিবলৈ গ’লে ই এক বৃহৎ বিষয়ৰূপে পৰিগণিত হ’ব। কিন্তু আমি যদি অসমৰ শিক্ষা ব্যৱস্থাটোৰ কথা ভাৱিবলৈ যাওঁ তেতিয়া এক ভয়ংকৰ বিপদৰ পিনে যে আমাৰ ছাত্ৰ-ছাত্ৰীসকল আগবাঢ়িছে সেইয়া ধুৰূপ।

    অসম, যিখন দেশত শিক্ষাৰ প্ৰসাৰতাৰ আধুনিকীকৰণৰ বাবে চৰকাৰে প্ৰতিবছৰে বুজন পৰিমাণৰ ধনৰাশি অনুমোদন কৰি আহিছে সেইখন অসমত কিন্তু শিক্ষাৰ পোহৰ এতিয়াও প্ৰতিগৰাকী শিশুৰ ওপৰত পৰাটো অৱান্তৰ কথা। এই ব্যৱস্থাটো নিম্নগামী হোৱাৰ দিশে আগবাঢ়িছে যেতিয়াৰ পৰা অনলাইন পাঠদানৰ আৰম্ভ হ’ল।

    ইয়াৰ প্ৰধান কাৰণ দেশজুৰি লকডাউন আৰু টেলিকম কোম্পানীৰবোৰ বৃহৎ সাফল্য। আধুনিক সমাজৰ নতুন নতুন প্ৰক্ৰিয়াসমূহ আদৰি লোৱাত আপত্তি নাই কিন্তু অনলাইন পাঠদানৰ নামত হাৰাশাস্তি কৰাটো কিমান যুক্তিকৰ। আমি জানো যে এতিয়াও কিছুমান গ্ৰামাঞ্চলত ইলিক্ট্ৰিচিটিৰ বাবে হাহাকাৰ কৰি থাকে গাঁওবাসীয়ে, য’ত সাধাৰণ কৃষকসকলে দুবেলা দুমুঠি খাই ঘৰখন কোনোমতে চলাই থাকে, য’ত চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ্থীসকল কেৱল মধ্যাহ্ন ভোজনৰ বাবে বিদ্যালয়লৈ দৌৰে, য’ত এযোৰ ভাল কাপোৰ কিনিবলৈ পইচাৰ অভাৱ তেনে এক পৰিস্থিতিত অভিভাৱকসকলে স্মাৰ্টফোন এটা শিশুৰ হাতত তুলি দিয়াটো অসম্ভৱ।

    ফলত শিক্ষাৰ পৰা বঞ্চিত হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ সপোনৰ দলংখন পুনৰ কোনে সজাৱ, ই এক ডাঙৰ প্ৰশ্ন।কোনো কোনো ঠাইত শিক্ষাৰ্থীয়ে আত্মহত্যাৰ দৰে পন্থা বাছি লোৱাটো অতি দুঃখজনক ৷ কিন্তু বণিক শ্ৰেণী তথা চৰকাৰৰ ফালৰ পৰা তাৰ কোনো মীমাংসা এতিয়া পৰ্যন্ত আমি নাপালো ৷ যিখন দেশত চৰকাৰী বিদ্যালয়সমূহৰ পৰিগাঠঁনি অনুন্নত তেনেস্থলত আমি কি শিক্ষা আমাৰ প্ৰজন্মক দিম সেইয়া অতি চিন্তনীয় ।

    অনলাইন শ্ৰেণী কোৱাটো সহজ কিন্তু সেই অৱহেলিত শ্ৰেণীটোৰ কথা কোনে ভাৱিব ? অপচয় হোৱা সময়বোৰ জানো ঘূৰাই পাব? পুঁজিপতিখিনিয়ে যদি পিছপৰা আৰু সুবিধাসমূহৰ পৰা বঞ্চিত হোৱা শিশুসকলৰ শিক্ষা ব্যৱস্থাৰ কথা ভাবিলে হয় আমি দেশৰ ভৱিষ্যৎ গঢ়িবলৈ পুৰ্ণ সুযোগ পালো হয় ! আৰু অতি দুঃখজনক কথা পৰীক্ষা বাতিলে আমাৰ চৰকাৰখনৰ অতি নিকৃষ্ট স্বৰূপ বা পদক্ষেপ পুনৰ উদঙাই দিলে ৷ এইয়া নেকি আমাৰ শিক্ষা ব্যৱস্থা?

    ‘The Fun They Had’ নামৰ কাল্পনিক বৰ সুন্দৰ কাহিনী এটা পঢ়িবলৈ পাইছিলো আৰু লিখি উলিয়াইছিল ইজাক এচিম’ভে ৷ তেওঁ বহুত বছৰৰ আগতে লিখিছিল ২১৫৭ চনলৈ সমগ্ৰ পৃথিৱীত শিক্ষা ব্যৱস্থা সম্পূৰ্ণকৈ অনলাইন হ’ব য’ত শিক্ষক শাৰীৰিকভাৱে উপস্থিত থকাৰ সলনি কম্পিউটাৰ তথা ৰৱটে শিক্ষা দিব যি লাহে লাহে পোখাৰ মেলিছে বাংগালোৰৰ দৰে আগশাৰী ঠাইৰ শিক্ষা ব্যৱস্থাত ৷

    ইজাকৰ মতে, সেই শ্ৰেণীকোঠাসমূহৰ নামত নিজৰ ঘৰখনৰ এটা ৰুম থাকিব আৰু আগত কম্পিউটাৰে জ্ঞান দিব আৰু কাষত নাথাকিব কোনো বন্ধু বান্ধৱী। কিন্তু আচৰিত কথা ২০২০ চনতেই আমি এই সত্যৰ সন্মুখীন হলোহি ৷ কেতিয়াবা বহুত ভয় লাগে এই ভৱিষ্যতৱাণীয়ে পূৰ্ণ ৰূপ লয় বুলি।

    ( লেখিকা শুভেচ্ছা শৰ্মা প্ৰগতি জাতীয় বিদ্যালয়ৰ ইংৰাজী বিভাগৰ শিক্ষয়ত্ৰী, প্ৰকাশিত প্ৰবন্ধত উল্লেখ কৰা মতামত লেখিকাৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে। )

    আৰু পঢ়ক : অফিচিয়েল অৰ্ডাৰ মুকলি, সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ, ৪ বজালৈ খোলা ৰাখিব পাৰিব দোকান পোহাৰ, পঢ়ক সবিশেষ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং