14 C
Guwahati
Wednesday, January 19, 2022
More

    নিয়োগকৰ্তাই খুলিব লাগিব নিযুক্তিৰ দুৱাৰ

    নিয়োগকৰ্তাই খুলিব লাগিব নিযুক্তিৰ দুৱাৰ

    উদ্দিপ্ত কুমাৰ গোস্বামী

    চেণ্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইকনমিয়ে (চি এম আই ই) নিবনুৱা হাৰৰ ওপৰত প্ৰকাশ কৰা তথ্য সঁচাকৈয়ে উদ্বেগজনক। দেশত দেখা দিয়া কৰ’ণা সংক্ৰমণৰ তৃতীয় ঢৌৱে এই চিন্তা অধিক বৃদ্ধি কৰিছে। যোৱা বছৰৰ শেষ মাহ অৰ্থাত ডিচেম্বৰত নিবনুৱাৰ হাৰ যোৱা চাৰি মাহৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে। সবাটোকৈ উদ্বেগজনক কথাটো হ’ল নগৰ আৰু গ্ৰাম্য দুয়োটা অঞ্চলতে যথেষ্ট পৰিমানে বৃদ্ধি পাইছে নিবনুৱা।

    অৰ্থনীতি বিশেষজ্ঞসকলে নিশ্চিতভাৱে আশ্বাস দিবলৈ চেষ্টা কৰি আছে যে শ্ৰমিকসকল পথাৰলৈ উভতি আহিলে গাঁওবোৰত নিবনুৱাৰ হাৰ হ্ৰাস পাব। কিন্তু কৰ’ণা সংক্ৰমণৰ সাম্প্ৰতিক পৰিস্থিতিত, বিশেষকৈ চহৰাঞ্চলত, নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰাটো চৰকাৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে।

    কৰ’ণাৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ সময়ত যথেষ্ট সংখ্যক লোকে চাকৰি হেৰুৱাইছিল আৰু এইটো কোনো গোপন কথা নহয়। আশাব্যঞ্জক কথাটো হ’ল যে য’ত নিযুক্তিৰ সুযোগ সৃষ্টি কৰা হৈছে তাত নিবনুৱাৰ হাৰো হ্ৰাস পাইছে। উৰিষ্যা, মধ্য প্ৰদেশ আৰু ছত্তীশগড় ইয়াৰ উদাহৰণ। সেয়ে, নিবনুৱা বৃদ্ধিৰ কাৰণ কেৱল কৰ’ণাক দিয়াটো একপ্ৰকাৰ অজুহাত বুলিহে ক’ব পাৰি।

    নিবনুৱা হাৰ বৃদ্ধি পোৱা ৰাজ্যসমূহত কেৱল মাত্ৰ চৰকাৰী চাকৰিয়েই নহয় বেচৰকাৰী খণ্ডত নিয়োগ সৃষ্টিৰ ক্ষেত্ৰতো সঠিক নীতি অৱলম্বনত ব্যৰ্থ হৈছে। যদি যুৱক-যুৱতীসকলে তেওঁলোকৰ ডিগ্ৰী, দক্ষতা আৰু সামৰ্থ্য স্বত্বেও নিযুক্তিৰ সন্ধানত ঘূৰি ফুৰিব লগা হয়, তেন্তে ইয়াৰ বাবে দায়ী কেৱল চৰকাৰ আৰু তেওঁলোকৰ ভুল নীতি।

    বৰ্ধিত জনসংখ্যাৰ বাবে ইতিমধ্যে চহৰাঞ্চলত নিযুক্তিৰ সুযোগ অভাৱনীয়ভাৱে হ্ৰাস পাবলৈ ধৰিছে। ইফালে গাঁওবোৰৰ পৰা প্ৰব্ৰজন বন্ধ কৰিব নোৱাৰাটোও প্ৰধান সমস্যা হিচাপে পৰিগণিত হৈছে। উদ্বেগজনক কথাটো হ’ল যে ৰাজনৈতিক দলবোৰে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত নিযুক্তিৰ সুযোগ বৃদ্ধি কৰিব বুলি ডাঙৰ-ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে যদিও ক্ষমতালৈ অহাৰ পিছত তেওঁলোকে এইসমূহত পিঠি দিয়ে। চৰকাৰী খণ্ডত চাকৰিৰ সুযোগ দুৰ্লভ হৈ ৰয়। প্ৰতিযোগিতামূলক পৰীক্ষাত পলম, আনকি আদালতৰ বিবাদৰ বাবে চৰকাৰে খালী পদবোৰো পূৰণ কৰিবলৈ সক্ষম নহয়। এনে পৰিস্থিতিত নিযুক্তিৰ সুযোগ বৃদ্ধি কেৱল কাগজে-পত্ৰতহে জিলিক ৰয়।

    যিবোৰ ৰাজ্যত নিবনুৱাৰ হাৰ তুলনামূলকভাৱে কম সেইসমূহৰ পৰা শিক্ষা লোৱা উচিত আন আন ৰাজ্যসমূহে। চৰকাৰবোৰে নিযুক্তিৰ সুযোগ বৃদ্ধি কৰাৰ প্ৰয়োজন আছে, কিন্তু লগতে ব্যক্তিগত খণ্ডক সঠিক উদগনি জনোৱাৰো সমানেই প্ৰয়োজন আছে।

    (লেখক : উদ্দিপ্ত কুমাৰ গোস্বামী, প্ৰকাশিত প্ৰবন্ধত উল্লেখ কৰা মতামত লেখকৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে।)

    আৰু পঢ়ক : ৰাজহুৱা ছুটী মৌলিক অধিকাৰ নহয়, ইয়াক হ্ৰাস কৰাৰ সময় আহি পৰিছে : উচ্চ ন্যায়ালয়

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং