
“কংগ্ৰেছ চৰকাৰ আহিলে অসমত পুনৰ মাদ্ৰাছাসমূহ খুলি দিম” বি পি এফ মুৰব্বী হাগ্ৰামা মহিলাৰী
“আমি আহিলে অসমত পুনৰ মাদ্ৰাছাসমূহ খুলি দিম।আকৌ যদি বিজেপিৰ চৰকাৰ আহে তেতিয়াহলে হিমন্ত বিশ্বই ৰাভা,বড়ো সকলো মাধ্যমেই বন্ধ কৰি দিব।”
আজি দুধনৈৰ ৰাজহুৱা খেলপথাৰত দুধনৈ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী যাদব ৰ হৈ প্ৰচাৰ চলাবলৈ আহি এই মন্তব্য কৰে বি পি এফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে৷
“হিমন্ত বিশ্ব শৰ্মা এইবাৰ আউট হাগ্ৰমা ইন হ’ব দিছপুৰত ৷ হিমন্তই দিছপুৰ পৰা বিদায় ল’ব লাগিব আৰু হাগ্ৰামা মহীলাৰীয়ে দিছপুৰত প্ৰৱেশ কৰিব ৷।আমি ধৰ্মৰ নামত ৰাজনীতি নকৰো আমি উন্নয়নৰ ৰাজনীতি কৰো। হিমন্ত বিশ্ব শৰ্মা এইবাৰ নিৰ্বাচনৰ পিছত মিউজিয়ামত থাকিব লাগিব ৷” বি পি এফৰ নাঙল আপৰু মিউজিয়ামত নাথাকি বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মহিলাৰীয়ে।
এইবাৰ দুধনৈত কংগ্ৰেছ জিকিব আৰু মহাজোঁটে ৭০ খনতকৈ আসন জিকি চৰকাৰ গঠন কৰিব বুলি সভা খনত দাবী উত্থাপন কৰে ৷ সভাখনত মেঘালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডা° মুকুল সাংমাৰ উপৰিও ভালেকেইজন দলৰ শীৰ্ষ নেতা উপস্থিত থাকে৷
ইনপুটঃ মঞ্জুৰ ভূঞা
আৰু পঢ়ক : দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণঃ ভোটকেন্দ্ৰৰ সন্মুখত বিজেপি কৰ্মীয়ে টিনপাত বিলোৱাৰ অভিযোগ