23 C
Guwahati
Saturday, January 15, 2022
More

    মাঘ বিহুৰ নিশাই অঘটন, ঘৰলৈ বুলি গৈ থকা লোকক গুলিয়াই থৈ যায় দুৰ্বৃত্তই

    মাঘ বিহুৰ নিশাই অঘটন, ঘৰলৈ বুলি গৈ থকা লোকক গুলিয়াই থৈ যায় দুৰ্বৃত্তই

    মাঘ বিহুৰ আনন্দ উল্লাসৰ মাজতে হাইলাকান্দিত গুলিয়া গুলিৰ ভয়ংকৰ ঘটনা । বাইকত অহা তিনি জনীয়া দুৰ্বৃত্তৰ এটা দলে গুলিয়ালে মাছুক আহমেদ বৰভুইয়া নামৰ এগৰাকী লোকক ।

    আহত মাছুক আহমেদ বৰভুইয়াক শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। এই ঘটনা সংঘটিত হৈছে হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ ছিপসাঙনৰ সমীপতৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত।

    মাছুক আহমেদ বৰভুইয়াই AS24 8103 নম্বৰৰ বাইখনেৰে বিহুৰ দিনা নিশা কোনো কাম সমাপন কৰি ঘৰলৈ গৈ থকাৰ সময়তে মাজবাটতে হঠাতে আগভেটি ধৰি বাজাজৰ পালছাৰ বাইকত অহা তিনিজনীয়া দুৰ্বৃত্তৰ দলটোৱে মাছুক আহমেদ বৰভুইয়াক গুলিয়াই আৰু লগে লগে সেই স্থানৰ পৰা পলায়ন কৰে।

    পিছত স্থানীয় এগৰাকী বাহন চালকে আহত অৱস্থাত বৰভুইয়াক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসাললৈ লৈ যায়। কিন্তু অৱস্থা কিছু গুৰুতৰ হোৱাত আহত লোকগৰাকীক হাইলাকান্দি চিকিৎসালয়ৰ পৰা শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

    আনহাতে ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে হাইলাকান্দি আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যাৰ নেতৃত্বত এক আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনাস্থলীত প্ৰাথমিক তদন্ত কৰে লগতে আহত বৰভুইয়াৰ বাইকখনো উদ্ধাৰ কৰে।

    পিছে বৰ্তমানলৈ গুলিবৰ্ষণ কৰা দুৰ্বৃত্তৰ দলৰ বিষয়ে কোনো তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

    Input and photo – Bidhan Sen

    আৰু পঢ়ক : পহিলা মাঘ- মন্দিৰ-মছজিদ দৰ্শনৰ বাবে পবিত্ৰ দিন, পিছে কেনে যাব দিনটো! কৰ্কট ৰাশিৰ লোকৰ বাবে…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং