কাৰাগাৰৰ ভিতৰতেই বলীউড সদৃশ দৃশ্য। তিহাৰ জেলত ভয়ংকৰ ঘটনা। কাৰাগাৰৰ ভিতৰতেই কয়ডীয়ে সহ কয়ডীক ছুৰীৰে হানি হত্যা।
জেলৰ ভিতৰতে মৃত্যু হোৱা যুৱকৰ পিতৃয়ে ৫ কোটি টকাৰ মৃত্যুৰ ক্ষতিপূৰণ বিচাৰি আবেদন জনাইছিল।
এই ঘটনা পোহৰলৈ অহাৰ পাছতে ন্যায়াধীশ প্ৰতিভা এম সিঙে কয়- “এনেকুৱা ঘটনা কেনেকৈ সংঘটিত হ’ব পাৰে?এই ঘটনা আশ্চৰ্যজনক। এনেকুৱা ঘটনা আমি কাহিনীতহে দেখা পাওঁ।”
আদালতে পৰৱৰ্তী সময়ত কয় ভুক্তভোগী যুৱকজন যিটো কোঠাত আছিল তাৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰা হৈছে, যদি ইয়াত এই ঘটনা সঁচা বুলি প্ৰমানিত হয় তেনেহ’লে এই ঘটনা কেনেকৈ সংঘটিত হ’ল পোহৰলৈ আহিব।
যুৱকজনৰ শৰীৰত ৯ টাকৈ ছুৰীৰ আঘাতৰ চিন পোৱা গৈছে।
আৰু পঢ়ক : অসমত উপস্থিত হ’ল অমিত শ্বাহঃ নগাঁৱৰ মহা মৃত্যুঞ্জয় মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত অংশগ্ৰহণ কৰিব