একমাত্ৰ অনুমতিপ্ৰাপ্ত সংস্থাইহে ফোন টেপিং কৰিব পাৰে, হোৱাটছএপ মেছেজৰ ওপৰত নজৰ ৰাখিব পাৰে : চৰকাৰ

0
937
একমাত্ৰ অনুমতিপ্ৰাপ্ত সংস্থাইহে ফোন টেপিং কৰিব পাৰে, হোৱাটছএপ মেছেজৰ
প্ৰতিকী ফটো

একমাত্ৰ অনুমতিপ্ৰাপ্ত সংস্থাইহে ফোন টেপিং কৰিব পাৰে, হোৱাটছএপ মেছেজৰ ওপৰত নজৰ ৰাখিব পাৰে : চৰকাৰ

একমাত্ৰ অনুমতিপ্ৰাপ্ত আইন প্ৰৱৰ্তনকাৰী কৰ্তৃপক্ষইহে টেলিফোন টেপ কৰাৰ লগতে হোৱাটছএপ মেছেজ আদিৰ ওপৰত দৃষ্টি ৰাখিব পাৰিব বুলি কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় কুমাৰ মিশ্ৰই কয়।

২০০০ চনৰ তথ্য প্ৰযুক্তি আইনৰ ৬৯ ধাৰাৰ অধীনত থকা নিয়ম অনুসৰি বিভাগীয় অনুমতিপ্ৰাপ্ত আইন প্ৰৱৰ্তনকাৰী কৰ্তৃপক্ষইহে ফোন টেপিং আৰু সামাজিক মাধ্যমৰ মেছেজৰ ওপৰত দৃষ্টি ৰাখিব পাৰে বুলি সদনত অজয় কুমাৰ মিশ্ৰই কয়।

সদনত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থা সমূহক ডিজিটেল ইনফৰমেশ্যনৰ ওপৰত নজৰ ৰখাৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে নেকি সম্পৰ্কত সোধা এক প্ৰশ্নৰ উত্তৰত এইদৰে কয় কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে, বিগত বছৰত পেগাছাছ বিতৰ্কক লৈ ভাৰতত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সদনৰ মজিয়াতো বিগত অধিবেশনত পেগাছাছকলৈ বহু বিৰোধিতা হোৱা দেখা গৈছিল।

আৰু পঢ়ক : ৫০ বছৰীয়া সীমা সমস্যা সমাধানৰ ঐতিহাসিক চুক্তি : অমিত শ্বাহৰ উপস্থিতিত হিমন্ত বিশ্ব আৰু কনৰাড চাংমাৰ মাজত স্বাক্ষৰ