
অনলাইন শ্বপিঙৰ নামত আজৱ কাণ্ড। অনলাইন শ্বপিঙৰ জৰিয়তে আপুনি অৰ্ডাৰ দিয়া সামাগ্ৰীত ওলাব পাৰে শিলগুটি। তেনে এক ঘটনা সংঘটিত হৈছে মাজুলীৰ এজন যুৱকৰ লগত।
বহু আশাৰে অৰ্ডাৰ দিয়া মোবাইলৰ নামত পেকেটত ওলাল শিলগুটি। ফ্লিপকাৰ্ট নামৰ প্ৰতিষ্ঠান টোৰ পৰা মাজুলীৰ বিপুল বৰুৱা নামৰ যুৱকজনে অৰ্ডাৰ কৰি আনিছিল এটা মোবাইল ফোন। পিছে মোবাইলৰ পৰিৱৰ্তে যুৱক জনে পালে দুটা শিলগুটিহে।
ফ্লিপকাৰ্টত মোবাইলৰ বাকচ খোলোতেই চিন্তিত হ’ল যুৱক জন। কাৰণ বহু আশাৰে ৰৈ থকা যুৱক জনে মোবাইলৰ পৰিৱৰ্তে পালে দুটা শিলগুটি। জনপ্ৰিয় হ’লেও যে অনলাইন শ্বপিং বিশ্বাস যোগ্য নহয় সেয়া তাৰেই প্ৰমাণ।
Photo: Kalpajit Saikia