29 C
Guwahati
Sunday, May 22, 2022
More

    এটা মাত্ৰ ই-মেইল আৰু হেৰুৱালে জীৱনজোৰা সঞ্চিত ৮ কোটি টকা, কান্দি কান্দি দম্পতিয়ে ব্যক্ত কৰিলে সমগ্ৰ ঘটনা

    নিজাকৈ এটা ঘৰ সজাৰ সপোনেৰে এহাল স্বামী-স্ত্ৰীয়ে বহু বছৰ ধৰি কাম কৰি সঞ্চয় কৰিছিল ৮ কোটি টকা। কিন্তু চকুৰ পলকতে সকলো টকা হেৰুৱালে দম্পতি হালে। কান্দি কান্দি সকলো ব্য়ক্ত কৰিলে দম্পতিহালে।

    এই ঘটনা অষ্ট্ৰেলিয়াৰ চিডনী চহৰৰ। এহাল দম্পতি বেয়াকৈ চাইবাৰ অপৰাধীৰ কবলত পৰে। মাত্ৰ এটা ই-মেইলৰ বাবে মুহুৰ্ততে সকলো হেৰুৱাই পেলালে দম্পতিহালে। তাকো ৮ কোটি টকা হেৰুৱালে স্বামী-স্ত্ৰীয়ে।

    প্ৰকাশিত খবৰ অনুসৰি নিজাকৈ এটা ঘৰ ক্ৰয় কৰিবৰ বাবে ১.১ মিলিয়ন ডলাৰ যি ভাৰতীয় হিচাপত ৮ কোটি টকাৰো অধিক টকা সঞ্চল কৰিছিল স্বামী-স্ত্ৰীয়ে। সকলো কাম সম্পূৰ্ণ হৈ উঠিছিল।

    কিন্তু এদিন এটা মেইল লাভ কৰে দম্পতিহালে। যি মেইলত তেওঁলোকৰ উকিল গৰাকীৰ নাম আছিল। লগতে আছিল দম্পতিহালৰ সকলো নথি-পত্ৰৰ প্ৰমাণ যি সমূহ ঘৰ ক্ৰয় কৰিবৰ বাবে তেওঁলোকে যি যি ঠাইত দিছিল।

    লগতে আছিল সেই সকলোৰে নাম আৰু চহী যি সকলক এই ঘৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সৈতে ডীল হৈছিল, যেনে কোম্পানীৰ নাম, মধ্যস্থতাকাৰীৰ নাম, সাক্ষীকাৰীৰ নাম, লগতে সকলোৰে পৰিচয় পত্ৰ।

    সেই মেইলত বিচৰা হৈছিল ঘৰটো ক্ৰয় কৰাৰ বাবে টকা । ১.১ মিলিয়ন টকা বিচাৰি সেই মেইল আহিছিল। দম্পতিহালেও সকলো চালি-জাৰি চাই কতো কোনো আসোৱাহ নেদেখি সেই মেইলত অহা বেংক একাউণ্টলৈ টকা ট্ৰেন্সফাৰ কৰে।

    আৰু লগে লগে অভিবক্তাগৰাকীক ফোন কৰি কয় টকা প্ৰেৰণ কৰা বুলি। কিন্তু তেতিয়াই অধিবক্তা গৰাকীৰ উত্তৰ শুনি হতবাক হৈ পৰে দম্পতি। অধিবক্তাই কোনো মেইল কৰা নাই টকা বিচাৰি। লগে লগে চাইবাৰ অপৰাধীৰ কবলত পৰা বুলি নিশ্চিত হয় দম্পতিহাল।

    বেংক কৰ্তৃপক্ষকো লগে লগে ফোন কৰি ঘটনা সম্পৰ্কে অৱগত কৰে। বেংকেও সকলো একাউণ্ট ফ্ৰীজ কৰি দিয়ে। বৰ্তমানলৈ দম্পতিহালে টকা উভতাই পোৱা নাই যদিও টকা উভতাই পোৱাৰ সম্ভৱনা থকা বুলি জনাইছে বেংক কৰ্তৃপক্ষই।

    আৰু পঢ়ক : চৰকাৰৰ বৃহৎ সিদ্ধান্ত- ৩৫ টা ইউটিউৱ চেনেল নিষিদ্ধ ঘোষণা লগতে দুটা ৱেবছাইটৰ ওপৰতো প্ৰতিবন্ধকতা আৰু…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং