নিজ পুত্ৰক সোঁ শৰীৰে ঘূৰাই দিবলৈ আহ্বান জনালে ঋতুল শইকীয়াৰ অসুখীয়া বৃদ্ধ পিতৃ মাতৃয়ে…

0
631
নিজ পুত্ৰক সোঁ শৰীৰে ঘূৰাই দিবলৈ আহ্বান জনালে ঋতুল শইকীয়াৰ অসুখীয়া বৃদ্ধ পিতৃ মাতৃয়ে...

নিজ পুত্ৰক সোঁ শৰীৰে ঘূৰাই দিবলৈ আহ্বান জনালে ঋতুল শইকীয়াৰ অসুখীয়া বৃদ্ধ পিতৃ মাতৃয়ে…

নিজ পুত্ৰক সোঁ শৰীৰে ঘূৰাই দিবলৈ উগ্ৰপন্থী সংগঠনক আহ্বান জনালে তিতাবৰ বৰহোলাৰ ঋতুল শইকীয়াৰ অসুখীয়া বৃদ্ধ পিতৃ মাতৃয়ে লাকোৱাত ONGC ৰিগত কৰ্মৰত সহকাৰী টেকনিছিয়ান তিতাবৰ বৰহোলাৰ ৩৮ বছৰীয়া ঋতুল শইকীয়াক সোঁশৰীৰে ঘূৰাই দিবলৈ অপহৰণকাৰী উগ্ৰপন্থী সংগঠনক আহ্বান জনালে শইকীয়াৰ অসুখীয়া বৃদ্ধ পিতৃ মাতৃয়ে।

তিতাবৰ বৰহোলা নাঙল গাঁৱৰ ঘৰখনৰ তৃতীয় পুত্ৰ আৰু এটি ৪ মহীয়া পুত্ৰ সন্তানৰ পিতৃ ঋতুল শইকীয়াই ৪ বছৰৰ পূৰ্বেহে চাকৰিত যোগদান কৰিছিল। অতি সহজ সৰল বৃদ্ধ পিতৃ পোনা শইকীয়া আৰু মাতৃ মঞ্জু শইকীয়াই উগ্ৰপন্থী সংগঠনক কাতৰ অনুৰোধ জনায় ।

বৃদ্ধ পিতৃ মাতৃ আৰু কেঁচুৱা পুত্ৰ সন্তানটিৰ বাবেই ঋতুল শইকীয়াক সুস্থ শৰীৰে এৰি দিবলৈ আহ্বান জনায়। পত্নী ৰিম্পী হাজৰিকাই ৪ মহীয়া পুত্ৰ সন্তানৰ লগত বৰ্তমানেও লাকোৱাৰ ONGC ৰ কোৱাটাৰতে আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

লাকুৱা ONGC ৰিগৰ পৰা অপহৃত হোৱা তিতাবৰ নাঙল গাঁৱৰ ঋতুল শইকীয়াৰ বাসগৃহৰ আজি বাৰ্ষিক নাম প্ৰসংগ আছিল আৰু ঘৰলৈ পত্নী,সন্তান সহ অহা কথা আছিল বুলি জ্যেষ্ঠ ভাতৃ য়ে জানিবলৈ দিছে আনহাতে আজি ঋতুল শইকীয়া বাসগৃহত উপস্থিত হয় ONGC বিষয়া সহ আৰক্ষী আৰু তিতাবৰ মহকুমা প্ৰশাসন।

Photo and input: SAJID HUSSAIN

আৰু পঢ়ক : সীমান্তত হাহাকাৰ- কভিড সংক্ৰমণৰ ভয়ত অসম এৰি অৰুণাচলত প্ৰৱেশৰ বাবে দীঘলীয়া শাৰী জনতাৰ