14 C
Guwahati
Thursday, January 20, 2022
More

    হাতী-মানুহৰ সংঘাতৰ অন্য এক পৰিণতি; মৃত্যুক সাৱটিলে ২৬ বছৰীয়া যুৱকে

    হাতী-মানুহৰ সংঘাতৰ অন্য এক পৰিণতি; মৃত্যুক সাৱটিলে ২৬ বছৰীয়া যুৱকে

    হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় অতিক্ৰম কৰি থকাৰ সময়তে নিৰলা চৰৰ জয়দুৰ আলীৰ পুত্ৰ আমিনুল ইছলাম (২৬) নামৰ এজন যুৱকে কৰুণ মৃত্যুক সাৱটি লোৱা বুলি খবৰ আহিছে।

    জানিব পৰা মতে, খাদ্য সন্ধানত জনাঞ্চলৰ পৰা লোকালয়লৈ ওলাই অহা বনৰীয়া হাতী দুটা খেদিবলৈ যাওঁতেই হাতীৰ গচকত গুৰুতৰ ভাৱে আহত হৈছিল আমিনুল।

    পিছত স্থানীয় লোকে লগে লগে আহত যুৱক জনক চিকিৎসাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও আধা বাটতে তেওঁ মৃ্ত্যুক আকোৱালি লয়।

    এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    উল্লেখ্য যে, ৰাজ্যত হাতী-মানুহৰ সংঘাত নতুন নহয় যদিও নিতৌ ন-ন অঞ্চলত উপদ্ৰৱ চলোৱা ঘটনাই স্বাভাৱিকতে শংকিত কৰি তুলিছে সচেতন মহলক।

    ৰাজ্যৰ বনাঞ্চল সমূহত চলা বেদখল আৰু বন ধ্বংসৰ ফলতেই হাতী-মানুহৰ সংঘাত ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰা বুলি প্ৰকৃতিপ্ৰেমী তথা বন বিশেষজ্ঞসকলে মন্তব্য কৰিছে।

    ইনপুট : জাকিৰ হুছাইন মণ্ডল

    আৰু পঢ়ক : চাইবৰ ৰহমানৰ বিৰুদ্ধে ৩০৫ পৃষ্ঠাৰ দীঘলীয়া চাৰ্জশ্বিট দাখিল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং