19 C
Guwahati
Monday, December 6, 2021
More

    বয়স কেৱল মাত্ৰ ১ বছৰ, কিন্তু মাহে উপাৰ্জন কৰে ৭৫ হাজাৰ টকা..কেনেকৈ সম্ভৱ..!

    বয়স কেৱল মাত্ৰ ১ বছৰ, কিন্তু মাহে উপাৰ্জন কৰে ৭৫ হাজাৰ টকা..কেনেকৈ সম্ভৱ..!

    ১৪ অক্টোবৰ তাৰিখে সম্পূৰ্ণ কৰে ১ টা বছৰ। বিগত বৰ্ষৰ ১৪ অক্টোবৰত জন্ম লাভ কৰা এটা শিশুৱে যিয়ে, বৰ্তমানে মাহে উপাৰ্জন কৰে ৭৫ হাজাৰ টকা। কথা কবলৈয়ো ভালদৰে শিকা নাই সেই শিশুৱে। তেতিয়াহলে কেনকৈ উপাৰ্জন কৰে ইমান টকা।

    সেই শিশুটিৰ নাম হৈছে ব্ৰিগছ ( Briggs). সামাজিক মাধ্যমৰ জৰিয়তে ব্ৰিগছে প্ৰতিমাহে প্ৰায় ১ হাজাৰ ইউ এছ ডলাৰ উপাৰ্জন কৰে। যি ভাৰতীয় হিচাপত ৭৫ হাজাৰ টকা।

    ইনষ্টাগ্ৰামত ব্ৰিগছৰ নামত আছে এটা একাউণ্ট। যি একাউণ্ট ব্ৰিগছৰ মাতৃয়ে পৰিচালনা কৰে। এবছৰ বয়সতে ব্ৰিগছে বৰ্তমানলৈ ৪০ বাৰ বিমান যাত্ৰা কৰিছে। আৰু সেই বিমান যাত্ৰাৰ লগতে ফুৰিবলৈ যোৱা ঠাইৰ ভিডিঅ বনাই ইনষ্টাগ্ৰামত আপলোড কৰে।

    ইয়াৰ জৰিয়তেই এইদৰে উপাৰ্জন হয়। ব্ৰিগছ আমেৰিকা নিবাসী। বৰ্তমানলৈ আমেৰিকাৰ বহু ঠাই ফুৰিছে ব্ৰিগছে। অৱশ্যে এই যাত্ৰাৰ বাবে সকলো টকা বা খচৰ ইনষ্টাগ্ৰামৰ ফালৰ পৰাই লাভ কৰে।

    আৰু পঢ়ক : ৰোগৰ বাবে ১৬ বছৰ বয়সতে বৃদ্ধলৈ ৰূপান্তৰিত, এদিনৰ বাবে হ’লেও এটা বিশেষ সপোন পুৰণৰ মন…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং