
মঙলবাৰে নিশা গোলকগঞ্জত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন ট্ৰাক চালক নিহত হৈছে। নিহত চালকজনক শ্বাহ আলম (২৮) বুলি চিনাক্ত কৰিছে।
জানিব পৰা মতে, মঙলবাৰে নিশা গোলকগঞ্জৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ডব্লিউ বি ৫৭ চি-০৬৩৩ নম্বৰৰ এখন ট্ৰাকক এ এছ ২৮ চি–৯৫৮৫ নম্বৰৰ আন এখন ট্ৰাকে পিছফালৰ পৰা খুন্দা মাৰে।
প্ৰচণ্ড বেগত খুন্দিওৱাৰ ফলতেই শ্বাহ আলম নামৰ চালকজনৰ থিতাতে মৃত্যু হয়।
আনহাতে দুৰ্ঘটনাটোত জাহিদুল ইছলাম (২০) নামৰ হেণ্ডিমেনজন গুৰুতৰভাৱে আহত হয়। আহত জাহিদুলক ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।
ইনপুট : কাজী ফিৰোজ আলম