যোৰহাটত গঁড়ৰ খৰ্গসহ চোৰাং ব্যৱসায়ী কাদিৰ আহমেদক আটক

0
1269

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আজি যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে এক অভিযান চলাই গঁড়ৰ খৰ্গসহ এজন চোৰাং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে।

যোৰহাট মহবন্ধা পথত চলোৱা তালাচীৰ সময়তে আৰক্ষীয়ে চোৰাং ব্যৱসায়ীজনক আটক কৰে।

গঁড়ৰ খৰ্গৰ সৈতে আটক হোৱা চোৰাং ব্যৱসায়ীজন তিতাবৰৰ চেঙেলি চেতিয়া গাঁৱৰ কাদিৰ আহমেদ বুলি জানিব দিয়ে আৰক্ষীয়ে।

এই গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায় চক্ৰৰ লগত আৰু অধিক লোক জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। বৰ্তমান চোৰাং ব্যৱসায়ীজনৰ পৰা অধিক তথ্য সংগ্ৰহৰ বাবে সোধা-পোচা অব্যাহত ৰাখিছে।

ইনপুট : জিন্টু দেওধাই ফুকন