29 C
Guwahati
Friday, August 5, 2022
More

    একপক্ষীয় প্ৰেমৰ পৰিণতি, চোকা অস্ত্ৰৰে যুৱতীক আক্ৰমণ প্ৰেমিকৰ

    প্ৰথমে যুৱতীক চুৰিকাঘাত আৰু তাৰ পিছত চিপ লৈ আত্মহত্যা প্ৰেমিক যুৱকৰ।

    বাক্সাৰ আঠিয়াবাৰীত এগৰাকী যুৱতীক চুৰিকাঘাত কৰি আত্মহত্যাৰ দৰে চৰম পথ বাছি লয় প্ৰেমিক যুৱকে। প্ৰেমৰ প্ৰস্তাৱ মানি নোলোৱা বাবেই প্ৰেমিকে সংঘটিত কৰিলে এই ঘটনা।

    অাঠিয়াবাৰী বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ প্ৰেমিক যুৱক সৌৰভ দাসে প্ৰেমৰ প্ৰস্তাৱ দিছিল সহপাঠী এগৰাকী যুৱতীক। কিন্তু প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথতে যুৱতীগৰাকীক চুৰিকাঘাত কৰে যুৱকজনে।

    যুৱতীগৰাকীক চুৰিৰে আঘাত কৰাৰ পিছত যুৱকজনে নিজ বাসগৃহৰ চৌহদতে চিপ লৈ আত্মহত্যা কৰে। আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱতীগৰাকীক ততালিকে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

    photo credit: independent.co.uk

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং