25 C
Guwahati
Monday, May 23, 2022
More

    পুনৰ এনকাউণ্টাৰ; এইবাৰ চোৰাং চিকাৰীৰ ভৰিত গুলীয়ালে আৰক্ষীয়ে, এজন জোৱানো আহত

    পুনৰ এনকাউণ্টাৰ; এইবাৰ চোৰাং চিকাৰীৰ ভৰিত গুলীয়ালে আৰক্ষীয়ে, এজন জোৱানো আহত

    কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ সৈতে জড়িত থকা বিশ্বনাথৰ চগুৰি নিবাসী নবীৰ হুছেইন (৩২) নামৰ এটা চোৰাং চিকাৰী আৰক্ষীৰ গুলীত আহত হয়।

    চোৰাং চিকাৰীক প্ৰতিহত কৰিবলৈ যাওঁতে এজন আৰক্ষী জোৱানো আহত হোৱা বুলি জানিব পৰা গৈছে।

    আহত আৰক্ষী জোৱান জনৰ নাম দিব্যজ্যোতি হাজৰিকা।

    আহত দুয়োজনকে কঁহৰা আদৰ্শ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

    উল্লেখযোগ্য যে ২০ জানুৱাৰি নিশা চোৰাং চিকাৰীয়ে নিধন কৰা খৰ্গবিহীন এটা গঁড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছিল।

    এই গঁড় নিধনৰ সৈতে জড়িত থকাৰ সন্দেহত ২৩ তাৰিখে বিশ্বনাথৰ পৰা আটক কৰিছিল নবীৰ হুছেইনক।

    আজি চোৰাং চিকাৰীটোক ঘটনাৰ স্থান প্ৰত্যক্ষ কৰাবলৈ বনাঞ্চলৰ শিলেখুন্দা বনশিবিৰ এলেকালৈ নি থকা অৱস্থাত আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে ৩ জাঁই গুলী নিক্ষেপ কৰে।

    ইনপুট : পপী শইকীয়া

    আৰু পঢ়ক : অসমৰ দুগৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান, জেনেৰেল বিপিন ৰাৱাটক মৰণোত্তৰভাৱে পদ্মবিভূষণ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং