33 C
Guwahati
Wednesday, October 13, 2021
More

    মহাসপ্তমীৰ নিশা চোঁকা অস্ত্ৰৰে হানি-খুচি এজনক নৃশংস হত্যা

    মহাসপ্তমীৰ নিশা চোঁকা অস্ত্ৰৰে হানি-খুচি এজনক নৃশংস হত্যা

    দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতে মহাসপ্তমীৰ সন্ধিয়া চামগুৰিৰ আমনিত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে।

    আমনিৰ আমতলাত চোঁকা অস্ত্ৰৰ উপৰ্যুপৰি আক্ৰমণত থিতাতে এজন লোকৰ মৃত্যু হয়।

    ইপিনে, যিজন লোকে এই আক্ৰমণ সংঘটিত কৰিছে সেইজন লোক মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি জানিব পৰা গৈছে।

    স্থানীয় ৰাইজে আক্ৰমণকাৰী লোকজনক হাত-ভৰি বান্ধি আটক কৰে আৰু আৰক্ষীৰ হাতত গটাই দিয়ে।

    আক্ৰমণত মৃত্যু হোৱা লোকজন আমনিৰ ইন্নচ আলী বুলি চিনাক্ত কৰা হয়। ইন্নচ আলীয়ে বজাৰৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে এই ভয়ংকৰ আক্ৰমণৰ সন্মুখিন হ’বলগীয়া হয় বুলি স্থানীয় লোকে সদৰী কৰে।

    পৰৱৰ্তী সময়ত ঘটনাস্থলীত চামগুৰি আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

    ইনপুট- এন জে হক

    আৰু পঢ়ক : আৰ চি বিৰ স্বত্বাধিকাৰী হ’লে কোহলীক কি ক’লে হেতেন ব্ৰায়ান লাৰাই?

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং