ডিমৌত বিদ্যুতপৃষ্ট হৈ এজন লোকৰ মৃত্যু, বিদ্যুত বিভাগৰ প্ৰতি ক্ষোভ স্থানীয় লোকৰ

0
1399
ডিমৌত বিদ্যুতপৃষ্ট হৈ এজন লোকৰ মৃত্যু, বিদ্যুত বিভাগৰ প্ৰতি ক্ষোভ স্থানীয় লোকৰ
প্ৰতিকী ফটো

ডিমৌত আজি এজন লোকৰ বিদ্যুতপৃষ্টহৈ মৃত্যু হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌ চাৰিআলিৰ মাজমজিয়াত থকা ডিমৌ-নিতাই পথৰ এটা উন্মুক্ত ট্ৰেন্সফৰ্মাৰত বিদ্যুতপৃষ্ট হৈ লোকজনে কৰুণ মৃত্যুক আকোৱালি লয়।

বিদ্যুতপৃষ্ট হৈ মৃত্যু হোৱা লোকজন স্থানীয় ‘প্ৰভূ’ বুলি পৰিচিত এজন ব্যক্তি বুলি চিনাক্ত কৰা হয়। মানসিকভাৱে বিকাৰগ্ৰস্ত ৪৫ বছৰ বয়সৰ লোকজনে উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোৰ তলত বহি থকাৰ ফলতে কৰুণ মৃত্যু হয় বুলি স্থানীয় লোকে উল্লেখ কৰে।

এই ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত বিদ্যুত বিভাগৰ দল উপস্থিত হৈ ট্ৰেন্সফৰ্মাৰটোৰ পৰা বিদ্যুত কৰ্তন কৰে।

উল্লেখযোগ্য যে, বিদ্যুত বিভাগৰ অকৰ্মান্যতাৰ বাবে পূৰ্বেও ডিমৌত বহুকেইজন ব্যক্তি বিদ্যুতপৃষ্ট হৈ মৃত্যু বৰণ কৰিবলগীয়া হৈছিল।

ইপিনে, এই দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

আৰু পঢ়ক : প্ৰবল গ্ৰীষ্মপ্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নিৰ্দেশনাবলী জাৰি, কি কৰিব কি নকৰিব!