
তামিলনাডুৰ বিজেপিৰ মুখ্য কাৰ্য্যালয়ত পেট্ৰ’ল বোমা নিক্ষেপ কৰাৰ অভিযোগত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।
বৃহস্পতিবাৰে চেন্নাইৰ টি নগৰত থকা বিজেপিৰ মুখ্য কাৰ্য্যালয় কমলয়মত অভিযুক্ত ব্যক্তিজনে পেট্ৰ’ল বোমা নিক্ষেপ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।
এই ঘটনাৰ পাছতে ৰাজ্যখনৰ বিজেপিৰ সভাপতি কে আন্নামালায়ে ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা তদন্ত কৰাৰ বাবে দাবী জনাইছে।
বিজেপিৰ তামিলনাডুৰ সভাপতি গৰাকীয়ে বিজেপিৰ মুখ্য কাৰ্য্যালয়ত আক্ৰমণৰ ঘটনাক গৰিহণা দি এই এক গভীৰ ষড়যন্ত্ৰ হিচাপে অভিহিত কৰে।
ইপিনে, তামিলনাডুত বিজেপিৰ মুখ্য কাৰ্য্যালয়ত পেট্ৰ’ল বোমা নিক্ষেপ কৰাৰ পাছতে ৰাজ্যখনৰ বিজেপি কৰ্মীসকলেও প্ৰতিবাদ সাব্যস্ত কৰে।
আনহাতে, তামিলনাডু আৰক্ষীয়ে পেট্ৰ’ল বোমা নিক্ষেপ কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰি সোধ-পোছ অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তৰ অন্ততহে ঘটনা সন্দৰ্ভত সকলো কথা পোহৰলৈ আহিব।
আৰু পঢ়ক : জানক আপোনাৰ দিনটোৰ ৰাশিফল, কোনবোৰ ৰাশিৰ বাবে দিনটো প্ৰেমত শুভ