‘এক দেশ এক কণ্ঠ’ ১০০ শিল্পীৰে সংগীত সেঁতু; অসমীয়াত কণ্ঠ নিগৰাব পাপনে

দেশৰ ১৪টা ভাষাত পৰিৱেশন কৰা হ'ব এই গীতটো

0
55

কৰ’ণা মহামাৰীৰ সময়ত এক বিশেষ পদক্ষেপ গ্ৰহণেৰে আগবাঢ়ি আহিছে দেশৰ সংগীত শিল্পী সকল। মুঠ ১০০ শিল্পীয়ে দেশৰ ১৪টা ভাষাত পৰিৱেশন কৰিব এটা গীত। যিটোক অবিহিত কৰা হৈছে সংগীত সেতুঁ হিচাপে। কৰ’ণাৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ বাবে এই পদক্ষেপ। ইয়াৰ উদ্দেশ্য হ’ল কভিড-১৯ত আক্ৰান্ত হোৱা সকলৰ বাবে এক পুঁজি সংগ্ৰহ কৰা।

এই সংগীত সেতুঁত উত্তৰ পূবৰ হৈ অসমীয়াত কণ্ঠ নিগৰাব অংগৰাগ পাপন মহন্তই। এই সংকটৰ সময়ত দেশৰ প্ৰতিষ্ঠিত গায়ক-গায়িকা তথা বলীউডৰ অভিনেতা-অভিনেত্ৰীসকল আগবাঢ়ি আহিছে বিশেষ পদক্ষেপৰ বাবে। সংগীত সেতুঁৰ জৰিয়তে এই সংকটৰ সময়ত দেশক সহায়ৰ হাত আগবঢ়াবলৈ এক অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰিছে ইণ্ডিয়ান ছিংগাৰ্ছ ৰাইট এছ’চিয়েচনে, ইছৰা(ISRA)ই।

ইণ্ডিয়ান ছিংগাৰ্ছ ৰাইট এছ’চিয়েচনে ৩ মে’ত মুকলি কৰিব এটা বিশেষ ভিডিঅ’। এই গীতটো ইছৰাৰ সহযোগত লতা মংগেশকাৰৰ ফালৰ পৰা ৩মে’ত সমগ্ৰ দেশবাসীলৈ সমৰ্পণ কৰা হ’ব। ইতিমধ্যে সংগীত সেঁতুক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে ছচিয়েল মিডিয়াত। জানিবলৈ পোৱা অনুসৰি এই গীতত কোনো বাদ্য যন্ত্ৰ সংগত কৰা নহয়।

ইউটিউব, ফেচবুক আদি ছ’চিয়েল মিডিয়াযোগে সংগীত সেঁতুৰ এই পদক্ষেপ ৰাইজে দেখিবলৈ পাব। পি এম কেয়াৰ্ছ ফাণ্ডলৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ বাবে আৰু সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে মূলত এই পদক্ষেপ লোৱা হৈছে। উল্লেখ্য যে, এই গীত টোত প্ৰত্যকজন শিল্পীয়ে নিজ নিজ ঘৰৰ পৰাই ৰেকৰ্ড কৰিব। গীতটোত আশা ভোছলে, এ আৰ ৰহমান, অলকা য়াগ্নিক, ওস্তাদ আমজাদ আলী খান, শংকৰ মহাদেৱান, উদিত নাৰায়ণ, চান, চনি নিগম আদি বিশিষ্ট শিল্পীয়ে কণ্ঠ নিগৰাইছে।

Photo credit: