
ৰাজ্যত বৃদ্ধি পালে ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা। এইবাৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত আক্ৰান্ত হৈছে এগৰাকী। তেজৰ নমুনা পৰীক্ষাত লোক জনৰ দেহত পোৱা গৈছে কৰণাৰ ভাইৰাছ।
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে সদৰি কৰিছে এই কথা। লোক জন গুৱাহাটীৰ আঠগাঁও স্থিত মছজিদৰ সৈতে জড়িত আছিল। অসমৰ প্ৰথম জন কৰ’ণা আক্ৰান্তৰ সংস্পৰ্শলৈ আহিছিল বিলাসীপাৰাৰ লোকজন।
এই আক্ৰান্তৰ সংখ্যাৰে বৰ্তমান অসমত ৩৫লৈ বৃদ্ধি পালে মহামাৰী কৰ’ণাত আক্ৰান্তৰ সংখ্যা।
Photo Credit: