27 C
Guwahati
Sunday, December 5, 2021
More

    বিয়া খাবলৈ আহি বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে প্ৰদীপ দাসে

    গোৱালপাৰাৰ মাটিয়াত সংঘটিত হৈছে এক কৰুণ ঘটনা। বিয়া খাবলৈ আহি বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল এজন লোকৰ।

    জিলাখনৰ মাটিয়াৰ মিলনপুৰত দুটাকৈ বনৰীয়া হাতীয়ে চলোৱা সন্ত্ৰাসত আতংকিত হৈ পৰিছে ৰাইজ।

    বিয়া খাবলৈ আহি হাতীৰ গচকত মৃত্যু হ’ল প্ৰদীপ দাস নামৰ এজন লোকৰ। লোকজনৰ ঘৰ মৰনৈত।

    উল্লেখ্য যে, আজি ৰাতিপুৱাৰ পৰাই হাতীৰ এটা জাকে মাটিয়া অঞ্চলত মুক্ত বিচৰণ কৰি আছিল।

    সেই জাকটোৰে দুটা হাতীয়ে সন্ধিয়া হোৱাৰ লগে লগে জাকৰ পৰা ওলাই আহি মাটিয়া অঞ্চলত সন্ত্ৰাস চলাবলৈ আৰম্ভ কৰে।

    এই হাতীৰ আক্ৰমণতে নিহত হয় লোকজন আৰু তেওঁৰ মৃতদেহটো চিন্ন-বিচিন্ন হৈ পৰে।

    এই ঘটনাৰ পিছৰে পৰা শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মাটিয়া আৰু মৰনৈ অঞ্চলত।

    আনহাতে উপদ্ৰৱ চলোৱা হাতী দুটা এতিয়াও একে ঠাইতে অৱস্থান কৰি থকাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।

    আৰু পঢ়ক : ভয়ংকৰ অগ্নিকাণ্ড : ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল তেলভৰ্তি টেংকাৰ, চালক-হেণ্ডিমেন জীৱন্তে অগ্নিদগ্ধ হোৱাৰ সন্দেহ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং