তেল পৰিবাহী টেংকাৰ বিস্ফোৰণত এজনৰ মৃত্যু, মন্ত্ৰী অজন্তা নেওগৰ বাসগৃহও ক্ষতিগ্ৰস্ত

0
874

আজি গোলাঘাটৰ এৰেঙাপাৰাৰ নৰাগাঁৱৰ এটা গেৰেজত এখন ৰখাই থোৱা তেল পৰিবাহী টেংকাৰত সংঘটিত ভয়ংকৰ বিস্ফোৰণত এজন লোকে কৰুণ মৃত্যুক সাৱটি লয়।

বিস্ফোৰণত মৃত্যু হোৱা লোকজনক নবীন বৰুৱা বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, লোকজনে নিজা গেৰেজত এন এল-০৭-এএ-১৩৫০ নম্বৰৰ টেংকাৰখনৰ ৱেল্ডিঙৰ কাম কৰি থকা সময়তে হঠাতে বিস্ফোৰণটো ঘটে।

বিস্ফোৰণটো ইমানেই ভয়ংকৰ আছিল যে টেংকাৰখন সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হোৱাৰ লগতে নবীন বৰুৱাৰ দেহ চিন্ন ভিন্ন হৈ পৰে। ইয়াৰ উপৰি গেৰেজটোৰ সমীপতে থকা একাংশ লোকৰ ঘৰৰো বিস্তৰ ক্ষতিসাধন হয়।

প্ৰাপ্ত খবৰ অনুসৰি, গেৰেজটোৰ সমীপতে থকা অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাসগৃহৰো ক্ষতিসাধন হৈছে। মন্ত্ৰীগৰাকীৰ বাসগৃহৰ খিৰিকীৰ গ্লাচসমূহ ভাঙি চূৰমাৰ হয়। অৱশ্যে বিস্ফোৰণৰ সময়ত সেই ঘৰটোত নাছিল মন্ত্ৰীগৰাকী।

এই ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, ২০০৫ চনতো নবীন বৰুৱাৰ সমীপতে থকা অন্য এটা গেৰেজত অনুৰূপ ঘটনা সংঘটিত হৈ এজন লোকে প্ৰাণ হেৰুওৱাৰ পিছতো গেৰেজৰ মালিকসমূহে অসুৰক্ষিতভাৱে টেংকাৰৰ মেৰামতি কৰি অহাৰ অভিযোগ আনিছে একাংশ স্থানীয় লোকে।