কাজিয়াৰ ভয়ংকৰ পৰিণতি, এজনে হেৰুৱালে প্ৰাণ

0
757

ধিঙৰ টুকটুকিত সংঘটিত হ’ল এক শিহৰণকাৰী ঘটনা, দুই ফৈদৰ মাজত হোৱা প্ৰচণ্ড মাৰপিটত প্ৰাণ গ’ল এজনৰ, মৃত্যু ঘটিল আব্দুল গফৰ নামৰ লোকজনৰ। লগতে মাৰপিটত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৮জনকৈ লোক। ইয়াৰ ভিতৰত আকিল উদ্দিন নামৰ এটি কিশোৰক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

উল্লেখ্য যে ফাতেমা খাতুন নামৰ এগৰাকী মহিলাৰ পৰা সুতত টকা লৈছিল আৱাল নামৰ যুৱকজনে। কিন্তু কেইবাবছৰ ধৰি আৱালে মহিলাগৰাকীক ঘূৰাই দিয়া নাছিল সুতত লোৱা টকাখিনি আৰু ইয়াকে কেন্দ্ৰ আজি প্ৰথমে লাগে তৰ্কাতৰ্কি। অৱশেষত এই কাজিয়াই লয়গৈ এক ভয়ংকৰ ৰূপ। দুই ফৈদৰ মাৰপিটত প্ৰাণ হেৰুৱাবলগীয়া হয় এজনে। আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।