26 C
Guwahati
Tuesday, September 27, 2022
More

    ই-ৰিক্সাত প্ৰচণ্ড খুন্দা বলেৰোৰ; এজনৰ মৃত্যু, আন কেইবাজনো আহত

    ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন কেইবাগৰাকীও লোক আহত হোৱাৰ খবৰ আহিছে।

    বলেৰো আৰু ই-ৰিক্সাৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে জানিব দিয়ে।

    এই পৰ্যন্ত দুৰ্ঘটনাটোত মৃত্যু হোৱা আৰু আহত লোকসকলৰ সঠিক পৰিচয় জানিব পৰা হোৱা নাই।

    এ এছ ০৯ জে ৫৩০৪ নম্বৰৰ বলেৰোখন গুৱাহাটীৰ পৰা বকো অভিমুখে গৈ আছিল আৰু এ এছ ২৫ ই আৰ ৯৭৮৫ নম্বৰৰ ই-ৰিক্সাখন ছয়গাঁৱৰ পৰা নোৱাপাৰালৈ গৈ আছিল বুলি জানিব পৰা গৈছে।

    উল্লেখ্য যে ছয়গাঁৱৰ উক্ত অঞ্চলত সঘনাই সংঘটিত হৈ অহা দুৰ্ঘটনাই যথেষ্ট উদ্বিগ্নতাৰ সৃষ্টি কৰিছে স্থানীয় ৰাইজৰ মাজত।

    ইনপুট : ধ্ৰুৱজ্যোতি দাস

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং