শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা : অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন ব্যক্তি

0
6066

শিৱসাগৰ জিলাৰ নামতি টিঙিৰীপাম গোহাঁই গাঁ‌ৱত মঙলবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

এখন অচিনাক্ত বাহনৰ খুন্দাত হুদুপৰা অভয়পৰীয়া গাঁৱৰ কুশল গগৈ নামৰ এজন লোকৰ থিতাতে মৃত্যু ঘটে।

নাজিৰা হুদুপৰা অভয়পৰীয়া গাঁৱৰ কুশল গগৈ নামৰ ব্যক্তিজনে উক্ত অঞ্চলটোত কৰ্মসূত্ৰে ভাৰাঘৰ লৈ আছিল।

আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নামতি টিঙিৰীপাম গোহাঁই গাঁ‌ৱৰ সেই ঘটনাস্থলীত আমগুৰি আৰু নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুয়োজন উপস্থিত হৈ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইনপুট : জিয়াৰুদ্দিন আহমেদ