১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত পবিত্ৰ ডেকাৰ মৃত্যু

0
142
প্ৰতিনিধিত্বমূলক চিত্ৰ

ছিপাঝাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। নম্বৰ প্লেট বিহীন তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে দুই বাইক আৰোহীক।

দুৰ্ঘটনাটোৰ ফলত থিতাতে এজন বাইক আৰোহী নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।

ইতিমধ্যে আঘাতপ্ৰাপ্ত লোকজনক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা লোকজন পবিত্ৰ ডেকা বুলি চিনাক্ত কৰা হৈছে। গুৰুতৰভাবে আহত হোৱা লোকজন হিতেশ্বৰ ডেকা৷

জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত কৰা মঙলদৈ অভিমুখী নম্বৰ বিহীন ইটা ভৰ্তি  ট্ৰাকখনৰ চালকক ছিপাঝাৰ আৰক্ষীয়ে আটক কৰিছে।