ৰাইদঙীয়াত নিশা দুৰ্ঘটনা ! ৰাস চাই আহি পথ দুৰ্ঘটনাত বাইক আৰোহী নিহত

0
12040

ৰাইদঙীয়াত নিশা দুৰ্ঘটনা ! ৰাস চাই আহি পথ দুৰ্ঘটনাত বাইক আৰোহী নিহত

সোমবাৰে নিশা নগাঁও জিলাৰ ৰাইদঙীয়াত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে।দুৰ্ঘটনাটোত নিশা ৰাস চাই অহা এজন যুৱক নিহত হয়।

জানিব পৰা মতে ৰাইদঙীয়া আইভেটিৰ পথৰ কাষত পুৱাতে গাঁৱৰ লোকে যুৱকজনৰ মৃতদেহটো প্ৰত্যক্ষ কৰে। মৃতদেহৰ কাষত এখন মটৰ চাইকেলো উদ্ধাৰ কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেলখনৰ নম্বৰ এ এছ ০২ টি ১৫৬৮ ৷

মঙলবাৰে পুৱাতে স্থানীয় ৰাইজে ৰক্তাক্ত অৱস্থাত মৃতদেহটো উদ্ধাৰ ৷ ৰাস চাবলৈ আহিয়ে যুৱকজন দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱাৰ সকলোৱে সন্দেহ কৰিছে। নিহত যুৱকজন হীৰক জ্যোতি বৰা বুলি জানিব পৰা গৈছে।

যুৱক জনে বাইক খন চলাই আহি এজোপা গছত খুন্দা মাৰে। দূৰ্ঘটনাটো হোৱাৰ পিছত যুৱকজনৰ গোটেই নিশা পথাৰতে পৰি থাকে। সেই সময়ত অধিক ৰক্তক্ষৰণ হোৱাৰ ফলতেই মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ ঘটনাক লৈ এতিয়া সমগ্ৰ ৰাইদঙীয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে।