16 C
Guwahati
Saturday, January 15, 2022
More

    ভোগালীৰ আনন্দৰ মাজতেই অঘটন, দুৰ্ঘটনাত প্ৰাণ গ’ল আব্দুলৰ

    ভোগালীৰ আনন্দৰ মাজতেই অঘটন, দুৰ্ঘটনাত প্ৰাণ গ’ল আব্দুলৰ

    ভোগালীৰ আনন্দ উৎসবৰ মাজতে হোজাইৰ মোৰাঝাৰত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা৷ মোৰাঝাৰৰ ২ নং শিবপুৰত মাটি কঢ়িওৱা এখন ট্ৰেক্টৰ দুৰ্ঘনাগ্ৰস্থ হৈ এজন লোক মৃত্যু হোৱাৰ খবৰ আহিছে।

    নিহত লোকজনৰ নাম হ’ল আব্দুল শ্বহীদ৷

    জানিব পৰা মতে, কাম কৰি থকা অৱস্থাতে নিয়ন্ত্ৰন হেৰুৱাই পথাৰতে বাগৰি পৰিছিল ট্ৰেক্টৰখন।

    দুৰ্ঘটনাটোত আহত হোৱা আব্দুল শ্বহীদক ততাতৈয়াকৈ কপাহবাৰী ৰাজ্যিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

    যুৱকজনৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে৷

    মোৰাঝাৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

    আৰু পঢ়ক : হায়ৰে কপাল! সামাজিক মাধ্যমত ভাইৰেল এক ভিডিঅ’ত দেখা হৈছে এগৰাকী কান্দোনত ভাগি পৰা নেতাক, কাৰণ….

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং