32 C
Guwahati
Thursday, August 4, 2022
More

    মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে মৃত্যুক সাৱটিলে ভূপেন নাথে

    মঙলদৈ চমুৱাপাৰাত নিশা সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। দুখন বাইকৰ মাজত হোৱা সংঘৰ্ষত এজন লোকৰ থিতাতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

    মৃত লোক জন মঙলদৈ চমুৱা পাৰাৰ ভূপেন নাথ বুলি চিনাক্ত কৰিছে।

    দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লোৱা ভূপেন নাথে মঙলদৈ কৰিম চকত ক্ষুদ্ৰ ব্যৱসায় কৰি পৰিয়াল পোহপাল দি আছিল।

    জানিব পৰা মতে, নিশা ব্যৱসায় সামৰি চমুৱাপাৰাৰ ঘৰলৈ বাইকেৰে গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়।

    স্থানীয় লোকৰ সহায়ত ভূপেন নাথক মঙলদৈ অসামৰিক চিকিৎসালয়ত লৈ অহা হৈছিল যদিও চিকিৎসকে নাথক মৃত ঘোষণা কৰে।

    ইনপুট : কিশোৰ কলিতা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং