চিচিবৰগাঁৱৰ গাই দেউৰী গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; এজন থিতাতে নিহত

0
4925

আজি বিয়লি প্ৰায় ৪ বজাত ধেমাজি জিলাৰ চিচিবৰগাঁৱৰ সমীপৰ গাই দেউৰী গাঁৱত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়।

চিচিবৰগাঁৱৰ দিশৰ পৰা গৈ থকা AS-06 BC-0138 নম্বৰৰ এখন ট্ৰাকৰ সৈতে ধেমাজিৰ পৰা আহি থকা AS-22-F-5994 নম্বৰৰ স্কুটি এখনৰ মুখামুখি সংঘৰ্ষ হোৱাত থিতাতে নিহত হয় স্কুটি আৰোহী গৰাকী।

নিহত লোকজন ধেমাজি এৰাধলৰ মুনিন্দ্ৰ দত্ত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে নিহত লোকজনৰ মূৰটো একেবাৰে ছিন্ন ভিন্ন হৈ পৰে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছুসময় পিছতে ঘটনাস্থলত চিচিবৰগাঁও আৰক্ষী উপস্থিত হৈ ট্ৰাকৰ চালকজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বিগত ২৪ ঘণ্টাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত পথ দুৰ্ঘটনাত প্ৰায় ১০ জনৰো অধিক নিহত হৈছে।

ইনপুট : বনমালী মহন্ত