মহানগৰীত ভয়ংকৰ ঘটনা ! গণপ্ৰহাৰত প্ৰাণ গ’ল এজনৰ

0
375

মহানগৰীত ভয়ংকৰ ঘটনা ! গণপ্ৰহাৰত প্ৰাণ গ’ল এজনৰ

গুৱাহাটী মহানগৰীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গণপ্ৰহাৰত প্ৰাণ গ’ল এজন যুৱকৰ। নিহত যুৱক জনৰ নাম সুনীল শৰ্মা। লালগেশৰ আদাগুদামত সংঘটিত হৈছে এই ঘটনাটো। একাংশ লোকে বেয়াকৈ মাৰপিট কৰিছিল সুনীল শৰ্মাক।

তাৰ পিছতে GMCH লৈ অনা হৈছিল সুনীল শৰ্মাক। কিন্তু GMCH ত চিকিৎসকে যুৱক জনক মৃত বুলি ঘোষণা কৰে। আৰক্ষীয়ে যুৱক জনক উদ্ধাৰ কৰি প্ৰথমে ফটাশিল থানালৈ অনা হৈছিল।

আৰু তাৰ পিছত যুৱক জনক GMCH লৈ অনা হৈছিল। লালগণেশৰ যি আদাগুদাম আৰক্ষী চকীৰ সন্মুখতে এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে।

স্থানীয় একাংশ লোকে জানিবলৈ দিয়া মতে যুৱক জনে এজন লোকৰ ঘৰত চুৰি কৰিবলৈ গৈছিল। তাৰ পিছতেই যুৱক জনক প্ৰহাৰ কৰি মুমুৰ্ষ অৱস্থাত GMCH লৈ প্ৰেৰণ কৰা হৈছিল।

বৰ্তমান সুনীলৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে এজনো লোককে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।