শোকৱহ : বজ্ৰপাতে প্ৰাণ কাঢ়িলে শ্যামচৰণ কেওট নামৰ এজন যুৱকৰ

0
1
প্ৰতিনিধিত্বমূলক চিত্ৰ

কৰিমগঞ্জ জিলাৰ পাথাৰকা‌ন্দিত বজ্ৰপাত পৰি এজন যুৱকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। এই কৰুণ ঘটনাটোত মৃত্যু হোৱা যুৱকজনক পাথাৰকান্দি সমষ্টিৰ হাতিখিৰা গাঁও পঞ্চায়তৰ সলগই বজাৰ এলেকাৰ ১১ নং লাইনৰ শ্যামচৰণ কেওট বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে নেৰানেপেৰা বৰষুণ চলি থকা সময়ত হঠাৎ ঘৰৰ টিনপাত ছেদ কৰি শ্যামচৰণৰ দেহত বজ্রপা‌ত পৰাত লগে লগে তেওঁ মাটিত ঢলি পৰি যায়।

পিছত পৰিয়ালৰ লোক তথা স্থানীয় লোকৰ সহায়ত কৰিমগঞ্জ চিকিৎসালয়লৈ লৈ যোৱাৰ সময়তে আধা বাটত মৃত্যু হয় যুৱকজনৰ।

এই শোকাৱহ ঘটনাটোত শ্যামচৰণে মৃত্যুক সাৱটি ল’বলগীয়া হোৱাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে ৰাজ্যখনৰ দুটা পৃথক স্থানত বুধবাৰে বজ্ৰপাতৰ ফলত দুজন লোকৰ মৃত্যু হোৱা বুলি এক চৰকাৰী প্ৰতিবেদনত প্ৰকাশ পাইছিল।

ইনপুট : মনোজ মোহান্তি