মহানগৰীত চাঞ্চল্যকৰ ঘটনা ! দিন দুপৰতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে এজনক

0
201

মহানগৰীত চাঞ্চল্যকৰ ঘটনা ! দিন দুপৰতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে এজনক

দিন দুপৰতে মহানগৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। মহানগৰীৰ পাঞ্জাবাৰীত এজন লোকক গুলীচালনা দুৰ্বৃত্তৰ। গুলীচালনাৰ ফলত লোকজন গুৰুত্বৰ ভাবে আঘাত প্ৰাপ্ত হৈছে। পাঞ্জাবাৰীৰ পূৰবী ডায়েৰীৰ সমীপতে এই ঘটনাটো সংঘটিত হৈছে। আহত লোকজনৰ নাম ৰঞ্জিৎ বৰা।

জানিব পৰা মতে আজি প্ৰায় ১১ ৰ পৰা ১২ মান বজাত ৰঞ্জিৎ বৰা নামৰ লোকজনে এখন বাহন বেংকত ধন জমা দিবলৈ গৈ আছিলে। সেই সময়তে এখন বাইক অহা দুজনিয়া দুৰ্বৃত্তৰ দলটোয়ে ব্যক্তিজনলৈ গুলীচালনা কৰে।ৰঞ্জিৎ বৰাৰ মুৰত গুলী লাগিছে বুলি জানিব পৰা গৈছে।

দুৰ্বৃত্তৰ দলটোয়ে গুলীচালনা কৰি ৰঞ্জিৎ বৰাৰ পৰা এটা বেগ কাঢ়ি লৈ যায় । বেগটোত প্ৰায় দুইৰ পৰা আঢ়ৈ লাখ টকা আছিলে। গুলীবিদ্ধ ৰঞ্জিৎ বৰাক ইতিমধ্যে GMCH লৈ প্ৰেৰণ কৰা হৈছিল যদিও হাস্পতাললৈ নিয়াৰ পথতে তেওঁৰ মৃত্যু হয় । ঘটনাক লৈ এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

জানিব পৰা মতে ৰঞ্জিৎ বৰা পূৰবী ডায়েৰীৰ ডিষ্ট্ৰিবিউটৰ আছিলে। আৰু পূৰবী ডায়েৰীৰ পইচা বেংকত জমা দিবলৈ আহোতেই এই ঘটনাটো সংঘটিত হয়। ৰঞ্জিৎ বৰাৰ বয়স ৫৮ বছৰ। তেওঁ এখন ৱেগনাৰ বাহনত আহিছিল।