ৰাজ্যত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু এজন লোকৰ

0
282
প্ৰতিনিধিত্বমূলক চিত্ৰ

উজনি-নামনিৰ বিভিন্ন অঞ্চলত হাতী-মানুহৰ সংঘাত চলি থকাৰ মাজতে বৃহস্পতিবাৰে পুৱা তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হয়।

তামুলপুৰৰ ভুটান সীমান্তৰ গণেশগুৰীত এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে৷ নিহত লোকজনৰ নান টিমা বান্দো বুলি চিনাক্ত কৰিছে।

জানিব পৰা মতে, আজি পুৱা পাঁচমান বজাত ঘৰৰ সমীপৰ জংঘললৈ যোৱাৰ পিছতে প্ৰাতঃকৃত্য সমাপন কৰিবলৈ যাওতেই বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত নিহত হয় টিমা বান্দো৷

উল্লেখ্য যে অঞ্চলটোত হাতী আৰু মানুহৰ সংঘাতত পূৰ্বেও বহু কেইজন লোকৰ মৃত্যু হৈছে।

ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি মানুহৰ ঘৰ লণ্ড-ভণ্ড কৰাৰ লগতে ব্যাপক ক্ষতি সাধন কৰিছে খেতি পথাৰ সমূহৰ।

ইনপুট : অভিজিৎ তালুকদাৰ