ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল চাজিদ হুছেইনৰ, ৬ জন আহত
গোলাঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজান ঢুলীয়া গাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুত বেগী ডাম্পাৰে বাইকসহ মহতিয়ালে কেইবাগৰাকীও পথচাৰীক।
দুৰ্ঘটনাটোত ঘটনাস্থলতে বাইক আৰোহী চাজিদ হুছেইন নামৰ এজন লোক নিহত হোৱাৰ লগতে ছয়জন পথচাৰী গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়।
জানিব পৰা মতে এ এছ-০৫ চি-৫৩০৪ নম্বৰৰ ডাম্পাৰখনে নুমলীগড়ৰ ফালৰ পৰা ৰঙাজান অভিমুখে তীব্ৰ বেগত গৈ থকা অৱস্থাত বিপৰীত দিশৰ ফালৰ পৰা আহি থকা বাইক আৰু পথচাৰীক খুন্দিয়াই।
বৰ্তমান আঘাত প্ৰাপ্ত আটাইকেইজনক গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলৰ পৰা ডাম্পাৰৰ চালক আৰু হেণ্ডিমেন পলায়ন কৰিছে।
বৰ্তমান নিহত যুৱকজনক আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
ইনপুট : ৰাজীৱ কৰ্মকাৰ
আৰু পঢ়ক : শিক্ষানুষ্ঠানত ক’ভিডৰ দ্ৰুত সংক্ৰমণ, এইখন জিলাত পাঁচখন বিদ্যালয় ৭ দিনলৈ বন্ধ