খৰি লুৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে নাৰায়ণ মাঝিয়ে

0
772
খৰি লুৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে নাৰায়ণ মাঝিয়ে
প্ৰতীকি ফটো

খৰি লুৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে নাৰায়ণ মাঝিয়ে – দুলীয়াজানৰ নিউ দিৰিয়েল চাহ বাগিচাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বাগানখনত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

চাহ বাগিচাখনৰ গছত শুকান খৰি লুৰিবলৈ গৈ ৩৩ হাজাৰ ভল্টৰ বিদ্যুৎ তাঁৰত লাগি থিতাতে মৃত্যু হয় লোকজনৰ।

আজি ৰাতিপুৱা প্ৰায় পাঁচ মান বজাত এই শোকাৱহ ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ঘটনাস্থলত দুলীয়াজান টিংৰাই আৰক্ষী উপস্থিত হৈ মৃত ব্যক্তিজন নিউ দিৰিয়াল চাহ বাগিচাৰ গুটিবাৰী লাইনৰ নাৰায়ণ মাঝি বুলি চিনাক্ত কৰে।

তদুপৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

এই ঘটনাক লৈ অঞ্চলজুৰি শোকৰ সৃষ্টি কৰিছে।

আৰু পঢ়ক : প্ৰধান মন্ত্ৰী হৈয়ে পাকিস্তানত কি কি নিয়ম সলনি কৰিলে প্ৰধান মন্ত্ৰী শ্বেহবাজ শ্বৰীফে?