
শোকাৱহ ঘটনা ! ষট্ পূজা কৰিবলৈ গৈ সলিল সমাধি এজনৰ
ষট্ পূজাৰ আনন্দৰ মাজতে এক শোকাৱহ ঘটনা সংঘটিত হৈছে |
বৰপেটাৰোড চহৰত ষট্ পূজাত এই অঘটনটো সংঘটিত হৈছে।
পূজাত অংশ ল’বলৈ যোৱা এজন ভক্তৰ সলিল সমাধি ঘটে।মৰা মানাহ নৈৰ বিষ্ণু-জ্যোতি সৰোবৰত এই ঘটনাটো সংঘটিত হৈছে |
মৃত লোকজনৰ নাম বাসুদেৱ ঘোষ বুলি জানিব পৰা গৈছে।মৃত বাসুদেৱ ঘোষৰ ঘৰ বৰপেটা ৰোডৰ শক্তি নগৰত।
বাসুদেৱে পৰিয়ালৰ লোকৰ সৈতে ষট পূজাত ভাগ ল’বলৈ আহিছিল।ঘটনাৰ পিছতে SDRFৰ বাহিনীয়ে পানীৰ পৰা লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে|