
মৰণফান্দত পৰিণত হৈছে বকোৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ। এই অঞ্চলটোত প্ৰায়েই সংঘটিত হ’বলৈ ধৰিছে শোকাৱহ পথ দুৰ্ঘটনা
মঙলবাৰে নিশাও বকোৰ শাখাতিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটোত এজন বাইক আৰোহীয়ে প্ৰাণ হেৰুওৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়।
অচিনাক্ত বাহনৰ খুন্দাত নিহত হোৱা বাইক আৰোহী জন জিতু কুমাৰ ৰাভা (২৬) বুলি জানিব পৰা গৈছে।
জিতু কুমাৰ ৰাভাৰ ঘৰ ধুপধৰাৰ মাচলামত।
দুৰ্ঘটনাটোত আঘাত পোৱা যুৱকজন বনো বড়ো(২৫) বুলি চিনাক্ত কৰিছে।
বনো বড়োৰ ঘৰ ধুপধৰাৰ যোগীপাৰা দিঘলীত।
যুৱক দুজনে এএছ-০১এমবি-৬১২০ নম্বৰৰ বাইকখনেৰে বকোৰ মিৰ্জাঘাটৰ পূজা এখনৰ পৰা উভতি আহি থকাৰ পথত দুৰ্ঘটনাত পতিত হয়।
আৰু পঢ়ক : এমাহ ধৰি সন্ধানহীন এগৰাকী ১৬ বছৰীয়া কিশোৰী, অপহৰণৰ অভিযোগ পৰিয়ালৰ