32.5 C
Guwahati
Thursday, October 14, 2021
More

    এটা মৃতদেহক লৈ দুটা পক্ষৰ মাজত টনা আজোৰা, শেষত আৰক্ষীৰ হস্তক্ষেপ

    এটা মৃতদেহক লৈ দুটা পক্ষৰ মাজত টনা আজোৰা, শেষত আৰক্ষীৰ হস্তক্ষেপ। পিছে সীমানতো হোৱা নাই মীমাংসা।

    লামডিঙ ৰেলৱে চিকিৎসালয়ত নিশা উত্তেজনা। চিকিৎসালয়খনত এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ পিছত এটা মৃতদেহক লৈ দুটা পক্ষৰ মাজত টনা আজৰা।

    মৃতদেহক কেন্দ্ৰ কৰি চিকিৎসালখনৰ ভিতৰতে মৃত ব্যক্তিজনৰ পত্নী-কন্যা-পুত্ৰক প্ৰহাৰ সম্পৰ্কীয় দেৱৰেকৰ। পিছত লামডিং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি সকলোকে লামডিং থানাত লৈ যায়।

    লামডিং আৰক্ষীয়ে স্বামীৰ মৃতদেহ পত্নীক দিবলৈ অনুমতি দিয়ে যদিও ওৰেনিশা স্বামীৰ মৃতদেহ বিচাৰি পত্নী আৰু সন্তানে ৰাইলৱে চিকিৎসালয়ত বহি থাকিবলগীয়া হয়।

    নিশা মৃত ব্যক্তিৰ পত্নীক স্বামীৰ মৃত্যুৰ প্ৰমাণপত্ৰ নিদিয়াৰ অভিযোগ ৰাইলৱে হস্পিতালৰ চিকিৎসকৰ বিৰুদ্ধে।

    Input and Photo- Bappi Malakar

    আৰু পঢ়ক : কিশোৰীক যৌন উৎপীড়ন, দোকানত সামগ্ৰী ক্ৰয় কৰিবলৈ অহা গ্ৰাহকেই কৰিলে এই নিকৃষ্ট কাণ্ড

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং