শ্ৰীনগৰত সন্ত্ৰাসবাদী আক্ৰমণ,এজন চিআৰপিএফ জোৱান শ্বহীদ

0
2952
জম্মু-কাশ্মীৰৰ পুলৱামাত সুৰক্ষা বাহিনীৰ অভিযানত দুজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত
প্ৰতিকী ফটো

শ্ৰীনগৰত সন্ত্ৰাসবাদী আক্ৰমণ,এজন চিআৰপিএফ জোৱান শ্বহীদ

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সোমবাৰে সংঘটিত হোৱা এক সন্ত্ৰাসবাদী আক্ৰমণত এজন চিআৰপিএফৰ জোৱান শ্বহীদ হোৱাৰ লগতে অন্য এজন জোৱান আঘাতপ্ৰাপ্ত হয়।

শ্ৰীনগৰৰ লাল চ’কত এই সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে, অচিনাক্ত সন্ত্ৰাসবাদীয়ে লাল চ’কত পহৰাৰত চিআৰপিএফৰ জোৱানক উদ্দেশ্যি গুলীচালনা কৰে আৰু সন্ত্ৰাসবাদীৰ গুলীচালনাত দুজন চিআৰপিএফৰ জোৱান আঘাতপ্ৰাপ্ত হয়। পৰৱৰ্তী সময়ত দুয়োকো হস্পিটেলত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰে এজন জোৱানৰ হস্পিটেলত মৃত্যু ঘটে।

এই ঘটনা সংঘটিত হোৱাৰ পাছতে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু সন্ত্ৰাসবাদীৰ সন্ধানত সেনা আৰু আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে.

ইপিনে, কাশ্মীৰৰ পুলৱামা জিলাতো সন্ত্ৰাসবাদীয়ে সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছে এই আক্ৰমণৰ ঘটনাত দুজন সাধাৰণ নাগৰিকৰ মৃত্যু হয়।

পুলৱামাত নিৰাপত্তাৰক্ষী বাহিনীয়ে বিশাল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰাৰ পাছতে সন্ত্ৰাসবাদীয়ে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে।

আৰু পঢ়ক : কাইলৈ অসমকে ধৰি চাৰিখন ৰাজ্যত এদিনীয়া বন্ধ ঘোষণা