আৰক্ষীৰ বৃহৎ সফলতা, ২ কোটিৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৰাজু

0
2308

আৰক্ষীৰ বৃহৎ সফলতা, ২ কোটিৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৰাজু। ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত।

সেই অভিযান কালতেই আজি ২৭ জুন সোমবাৰে আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰে। প্ৰায় দুই কোটি টকাৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

ধৃত সৰবৰাহকাৰী জন ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰাৰ আনোৱাৰ হুছেইন ওৰফে ৰাজু।

গোপন সূত্ৰৰ পম খেদি ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৰঙিয়াৰ হাইৱে চ’কত এখন বাছৰ পৰা ড্ৰাগছসহ সৰবৰাহকাৰীজনক আটক কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী দলটোৱে ধৃত সৰবৰাহকাৰীজনৰ পৰা বাৰটা চাবোনৰ বাকচত ২৬২ গ্ৰাম হেৰ’ইন জব্দ কৰে।

এটা বেগত কঢ়িয়াই অনা ড্ৰাগছখিনি ৰঙিয়াত এজন ড্ৰাগছ ব‍্যৱসায়ীক বিক্ৰী কৰিবলৈ লোৱাৰ আগমুহুৰ্ততে আৰক্ষীৰ দলটোৱে সৰবৰাহকাৰীজনক হাতে লোটে আটক কৰে।

Input and Photo – Trishna Das