25 C
Guwahati
Saturday, May 21, 2022
More

    ভূমি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত শিলচৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী গ্ৰেপ্তাৰ

    ভূমি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত শিলচৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী গ্ৰেপ্তাৰ

    ভূমি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত আজি শিলচৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হয়।

    গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীজনৰ নাম ৰাজু সিল বুলি জানিব পৰা গৈছে।

    শিলচৰ ৰেৰেংগা অঞ্চলৰ এজন লোকৰ ১৬ কঠা ভূমিৰ ভূৱা নথি বনাই এটা দালাল চক্ৰই বিক্ৰী কৰি দিয়াৰ পাছতে উক্ত লোকজনে শিলচৰ সদৰ থানাত এটা এটা গোচৰ ৰুজু কৰিছিল।

    আৰক্ষীয়ে এই ভূমি কেলেংকাৰী সন্দৰ্ভত তদন্ত আৰম্ভ কৰি ইয়াৰ সৈতে জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ কৰ্মচাৰী ৰাজু সিল জড়িত থকাৰ প্ৰমাণ পাই আজি ৰাজু সিলক গ্ৰেপ্তাৰ কৰে।

    ইপিনে, ৰাজু সিল গ্ৰেপ্তাৰ হোৱাৰ পাছত এই ভূমি কেলেংকাৰীৰ সৈতে জড়িত আন বহুকেইজন বিষয়া-কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভৱনাই দেখা দিছে।

    ইনপুট- য়াছিন মজুমদা

    আৰু পঢ়ক : ৰাতাবাড়িত শোকাৱহ পথ দুৰ্ঘটনা, শৰীৰৰ ওপৰত ডাম্পাৰ পৰি ঘটনাস্থলীত কৰুণ মৃত্যু চালকৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং