
মহানগৰীৰ ব্যৱসায়ীক হত্যাৰ চেষ্টা চলোৱা ঘটনাৰ সৈতে জড়িত এজনক গ্ৰেপ্তাৰ
মহানগৰীৰ দেৱদাৰু পথত সংঘটিত ঘটনাৰ সৈতে জড়িত এজনক গ্ৰেপ্তাৰ কৰা হৈছে |
হানি খুঁচি হত্যাৰ চেষ্টা চলাইছিল ব্যৱসায়ী অভিজিৎ শইকিয়াক |
শইকিয়াৰ গাড়ী চালক নয়ন কলিতাক আটক কৰিছে আৰক্ষীয়ে |
হেঙেৰাবাৰীৰ পৰা চালক নয়ন কলিতাক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ৷ বুধবাৰে নিশা শোৱাপাটীতে অভিজিৎ শইকীয়াক হত্যাৰ চেষ্টা কৰা হৈছিল |
দিছপুৰৰ দেৱদাৰু পথৰ ৭নং ঘৰত সংঘটিত হৈছিল এই ঘটনা৷তাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল |
আৰু অৱশেষত অভিযুক্তক আটক কৰিবলৈ সক্ষম হ’ল দিছপুৰ আৰক্ষী |
সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন ব্যৱসায়ী অভিজিৎ শইকীয়া৷