
চৰকাৰী চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই এগৰাকী মহিলাৰ পৰা তিনি লাখ টকা লোৱা এজন দালালক আজি ক্ৰাইম ব্ৰাঞ্চৰ এটা দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। সাতগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কোনো এটা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ হোৱা দালালজন ৰাজ বৰা ওৰফে বাহাৰুল ইছলাম বুলি জানিব পৰা গৈছে।
নুনমাটি ফৰেষ্ট গেটৰ নৱনীতা কোঁচ নামৰ এগৰাকী মহিলাৰ জীয়ৰীক PWD বিভাগত এল ডি প’ষ্টত চাকৰি দিম বুলি কৈ তিনিলাখ টকা লৈছিল বাহাৰুলে।
প্ৰথমে নিজকে ৰাজ বৰা বুলি পৰিচয় দি দালালজনে প্ৰথম অৱস্থাত মহিলাগৰাকীৰ নুনমাটিৰ ঘৰৰ পৰা ২ লাখ টকা লৈছিল আৰু বাকী এক লাখ টকা দিছপুৰ লাষ্টগেটত লৈছিল।
টকা লোৱাৰ পিছত কোনো শুংসূত্ৰ নথকাত নৱনীতা কোঁচে অৱশেষত দালালজনৰ বিৰুদ্ধে নুনমাটি আক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪২০/৫০৬/২৯৪/৫০৯ৰ অধীনত ৪৯৯/২১ নম্বৰত এটা গোচৰ ৰুজু কৰে।
অভিযোগ দাখিলকাৰীৰ হাতত ফোন নম্বৰটোৰ বাহিৰে দালালজনৰ আন কোনো পৰিচয় অথবা ঠিকনা নাছিল যদিও ৪৮ ঘণ্টাৰ ভিতৰত কৰায়ত্ত কৰিবলৈ সক্ষম হয় ক্ৰাইম ব্ৰাঞ্চৰ দলে।
নিজকে ৰাজ বৰা বুলি চিনাকী দি দালাল বাহাৰুল ইছলামে ইতিমধ্যেই বহু লোকৰ পৰা ধন আহৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
সাতগাঁও আৰক্ষী থানাৰ অন্তৰ্গত আমবাৰীৰ নিবাসী বাহাৰুল ইছলামক বৰ্তমান তদন্ত চলাই থকা বুলি জানিব পৰা গৈছে।
আৰু পঢ়ক : দেশৰ ১৫ কোটিৰো অধিক শিশু শিক্ষা ব্যৱস্থাৰ লাভালাভৰ পৰা বঞ্চিত : শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান