31 C
Guwahati
Thursday, September 29, 2022
More

    অতিকৈ শোকাৱহ ! ৰাখীবন্ধনৰ দিনাই একমাত্ৰ ভায়েকক হত্যা কৰিলে দুৰ্বৃত্তই

    অতিকৈ শোকাৱহ ! ৰাখীবন্ধনৰ দিনাই একমাত্ৰ ভায়েকক হত্যা কৰিলে দুৰ্বৃত্তই

    হাৰিয়ানাৰ আম্বালাত দশম শ্ৰেণীৰ এজন ছাত্ৰক দুৰ্বৃত্তই ছুৰীকাঘাত কৰি হত্যা কৰে। মৃতকৰ পৰিয়ালৰ সদস্যসকলে দিয়া তথ্য অনুসৰি বৃহস্পতিবাৰে দশম শ্ৰেণীৰ ছাত্ৰ লাভলীয়ে তেওঁৰ বন্ধুৰ সৈতে খোজ কাঢ়িবলৈ ওলাই গৈছিল।

    কিন্তু এই সময়তে গাওঁখনৰ কেইজনমান যুৱকৰ সৈতে তেওঁলোকৰ কাজিয়া হয় আৰু যুৱক কেইজনে তেওঁলোকক চুৰিৰে আক্ৰমণ কৰে।

    এই আক্ৰমণৰ ফলত লাভলী আৰু তেওঁৰ বন্ধুজন গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়।স্থানীয় লোকসকলৰ সহায়ত তেওঁলোক দুয়োকে সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।

    কিন্তু হাস্পতালত চিকিৎসকসকলে লাভলীক মৃত বুলি ঘোষণা কৰে ।এই ঘটনাৰ পিছতে দাদিয়ানা গাঁৱত ৰাখী উৎসৱ শোকত পৰিণত হয়।

    পৰিয়ালটোৱে কৈছে যে এই দুৰ্বৃত্তসকলে তেওঁক আগতেও বহুবাৰ আক্ৰমণ কৰিছিল। মৃত নাবালকজন তিনি গৰাকীৰ ভনীয়েকৰ একমাত্ৰ ভায়েক আছিল ।

    লাভলীৰ জন্মৰ পিছতে তেওঁৰ দেউতাকৰো মৃত্যু হৈছিল। এই ঘটনাক লৈ আৰক্ষীয়ে কিছুমান লোকক আটক কৰিছে। মৃতকৰ পৰিয়ালৰ সদস্যসকলে হত্যাকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কৰিবৰ বাবে আৰক্ষীক অনুৰোধ জনাইছে। 

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং