33 C
Guwahati
Wednesday, September 28, 2022
More

    স্বাধীনতা দিৱসৰ ৰাজ্যৰ সেই সবাতোকৈ ক’লা স্মৃতি- পতাকা উত্তোলনৰ সময়তে ছিন্ন-ভিন্ন হৈ পৰিছিল ১৮ টা মৃতদেহ

    স্বাধীনতা দিৱসৰ ৰাজ্যৰ সেই সবাতোকৈ ক’লা স্মৃতি- পতাকা উত্তোলনৰ সময়তে ছিন্ন-ভিন্ন হৈ পৰিছিল ১৮ টা মৃতদেহ

    কালিলৈ সমগ্ৰ দেশবাসীয়েই উদযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস। ভাৰত চৰকাৰৰ আহ্বানক্ৰমে এইবাৰ ১৩ আগষ্ট তাৰিখৰে পৰা প্ৰায় সকলো ফালে উৰি আছে জাতীয় পতাকা। ঘৰে ঘৰে, ৰাজপথত, দোকানে পোহাৰে, বাহনত সগৌৰৱেৰে উৰি আছে জাতীয় পতাকা।

    কিন্তু এই স্বাধীনতা দিৱস যেন কোনো কোনো লোকৰ বাবে কেৱল কিছুমান ক’লা স্মৃতি, কিছুমান শুকাই নহা কেঁচা ঘা। যি স্মৃতি পাহৰিব বিচাৰিলেও এই স্বাধীনতা দিৱসে সুঁৱৰাই দিয়ে সেই তেজৰ চেকুৰা বোৰ।

    মাতৃ সকলৰ হিয়াই কান্দি উঠে কলিজাৰ ছিন্ন-ভিন্ন মৃতদেহৰ স্মৃতিৰে আৱৰি থকা এই ১৫ আগষ্ট তাৰিখ আহিলেই। স্বাধীনতা দিৱস বুলি ক’লেই যেন বুকু কঁপি উঠে সেই সকল মাতৃৰ লগতে ধেমাজিবাসীৰ হৃদয়।

    ২০০৪ চনৰ ১৫ আগষ্টৰ দিনটোতেই ধেমাজীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ গৈ কৰুণভাৱে মৃত্যুক আঁকোৱালি লৈছিল ১৮ গৰাকীকৈ লোকে। ২০০৪ চনৰ ধেমাজিৰ পেৰেড গাউণ্ডত স্বাধীনতা দিৱসৰ দিনাই পতাকা উত্তোলনৰ সময়তে বোমা বিস্ফোৰণত প্ৰাণ বায়ু উৰি গৈছিল কন কন শিশুৰ দেহ।

    তাৰোপৰি আহত হৈছিল অন্য ৪০ গৰাকী লোক। সেই ক’লা দিনটোৰ স্মৃতি আজিয়ো বুকুক কঢ়িয়াই ফুৰিছে ধেমাজি বাসীয়ে।

    সেইদিনা স্বাধীনতা দিৱস উদযাপনৰ বাবে ধেমাজি মহাবিদ্যালয়ৰ পেৰেড স্থানত বহুতো লোক ঘাইকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ মাতৃ গোট খাইছিল। সকলোৱে দেশৰ জাতীয় পতাকালৈ সন্মান সহকাৰো চাই ৰৈছিল।

    কিন্তু, তেতিয়া সময় হৈছিল পুৱা ৯ বাজি ৩০ মিনিট। এক বোমা বিস্ফোৰণত কঁপি উঠিছিল সকলো। চাৰিওফালে উফৰি পৰিছিল মাংসপিণ্ডৰ লগতে গৰম তেজ।

    আৰক্ষীৰ মতে বোমাটো মহাবিদ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ কাষতে সংস্থাপন কৰা হৈছিল আৰু ৰিমোট কন্ট্ৰ’লৰ সহায়ত বিস্ফোৰণ ঘটোৱা হৈছিল। য’ত মৃত্যু হৈছিল ১২ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ।

    তেতিয়াৰে পৰা স্বাধীনতা দিৱস আহিলেই বেদনাৰে ভাৰাক্ৰান্ত হৈ পৰে ধেমাজিবাসীৰ মন ৷ কালিলৈয়ো দেশৰ কোটি কোটি জনতাই উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়তে ধেমোজীৰ কেইখন মান ঘৰত এগছি চাকি জ্বলিব আপোন জনৰ স্মৃতিত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং