
১৫ ডিচেম্বৰত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আহিব জাপানৰ প্ৰধানমন্ত্ৰী চিনজ’ আবেও। দুদিনীয়া কাৰ্যসূচীৰে দুই ৰাষ্ট্ৰপ্ৰধানৰ অসম ভ্ৰমণ।
মহানগৰীৰ ফাঁচীবজাৰৰ লাচিত ঘাটত আছে নৰেন্দ্ৰ মোদী-চিনজ’ আবেৰ বিশেষ কাৰ্যসূচী। দেশৰ প্ৰধানমন্ত্ৰী আৰু জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ লাচিত ঘাটত চলিছে ব্যাপক আয়োজন।
