নীৰজ চোপ্ৰাৰ পুৰস্কাৰ লৈ গ’ল এইবাৰ পাকিস্তানী খেলুৱৈয়ে !

0
648

নীৰজ চোপ্ৰাৰ পুৰস্কাৰ লৈ গ’ল এইবাৰ পাকিস্তানী খেলুৱৈয়ে !

কালি নিশাৰ এখন খেলৰ পাছৰে পৰা সামাজিক মাধ্য়মত উত্থাপিত হৈছে এক বিশেষ মন্তব্য। ভাৰতৰ গোল্ডেন বয় নীৰজ চোপ্ৰাৰ পুৰস্কাৰ হেনো লৈ গ’ল পাকিস্তানৰ খেলুৱৈয়ে।

কমনলৱেল্থৰ বাকৰিৰ পৰা এইবাৰ ইতিহাস ৰচি পোন প্ৰথমবাৰৰ বাবে এগৰাকী পাকিস্তানৰ খেলুৱৈয়ে লাভ কৰে জেভলীন থ্ৰোত সোণৰ পদক। যাৰ বাবেই উত্থাপিত হৈছে সেই বিশেষ মন্তব্য।

পাকিস্তানৰ খেলুৱৈ অৰশদ নদীমে কালিৰ কমনৱেল্থৰ জেভলীন থ্ৰোত ৯০.১৮ মিটাৰ দলিয়াই সোণৰ পদকৰ অধিকাৰী হয়। কিন্তু আঘাতৰ বাবে এইবাৰ অলিম্পিকৰ সোণৰ পদক বিজেতা নীৰজে খেলৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছিল।

সেয়ে নীৰজৰ অনুপস্থিতিত পাকিস্তানৰ খেলুৱৈলে সোণ জয় কৰাত, সামাজিক মাধ্যমত বহুতেই মন্তব্য কৰিছে নীৰজৰ ভাগৰ আছিল এই পুৰস্কাৰ, পাছে নীৰজে নেখেলাত পাকিস্তানৰ খেলুৱৈলে দখল কৰে এই সোণ।

উল্লেখনীয় যে, নীৰজে চোপ্ৰাই এইবাৰ কমনৱেল্থ গেমছত অংশ নললেও বৰ্তমানলৈ ৯০ মিটাৰৰ অধিক স্কোৰ কৰিবলৈ সক্ষম হোৱা নাই, তাৰ বিপৰীতে পাকিস্তানৰ খেলুৱৈ গৰাকীয়ে ৯০.১৮ মিটাৰ জেভলীন থ্ৰো কৰে।