
শৰীৰৰ ছালত কিমান সময় জীয়াই থাকিব পাৰে অ’মিক্ৰণ ভেৰিয়েণ্ট, অ’মিক্ৰণ সম্পৰ্কে কি নতুন তথ্য গৱেষণাত!
সমগ্ৰ বিশ্বত ব্যাপক সংক্ৰমণ ঘটোৱা ক’ভিডৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণ সম্পৰ্কে নতুন তথ্য আহি পৰিছে দেশৰ চিকিৎসা বিজ্ঞানী সকলৰ হাতত।
চিকিৎসা বিজ্ঞানী সকলে লাভ কৰা শেহতীয়া তথ্য অনুসৰি ক’ভিডৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণ মানুহৰ শৰীৰৰ ছালত ২১ ঘণ্টা ধৰি জীয়াই থাকিব পাৰে আৰু প্লাষ্টিক জাতীয় সামগ্ৰীত আঠ দিন পৰ্যন্ত জীয়াই থাকিব পাৰে।
অ’মিক্ৰণে এনেদৰে মানুহৰ ছালৰ লগতে প্লাষ্টিকজাতীয় সামগ্ৰীত দীৰ্ঘসময় জীয়াই থাকিব পৰা ক্ষমতাৰ বাবেই ই দ্ৰুতগতিত এঠাইৰ পৰা আন ঠাইলৈ সংক্ৰমণ ঘটে।
জাপানৰ কায়োটো প্ৰিফেকটুৰেল য়ুনিভাৰ্চিটিৰ গৱেষক সকলে ক’ভিডৰ বিভিন্ন ভেৰিয়েণ্টৰ ওপৰত গৱেষণা চলাই অ’মিক্ৰণৰ এই নতুন ক্ষমতাৰ বিষয়ে তথ্য লাভ কৰে।
ক’ভিডৰ মূল ভাইৰাছৰ তুলনাত ক’ভিড ভেৰিয়েণ্ট আলফা, বিটা, ডেল্টা আৰু অ’মিক্ৰণে মানুহৰ ছালৰ লগতে প্লাষ্টিকজাতীয় সামগ্ৰীত অধিক সময় বৰ্তি থাকিবলৈ সক্ষম।
দীৰ্ঘ সময়ত ধৰি বৰ্তি থাকিব পৰা ক্ষমতাৰ কাৰণেই ক’ভিডৰ মূল ভাইৰাছৰ তুলনাত ইয়াৰ ভেৰিয়েণ্ট সমূহ অধিক সংক্ৰমণশীল হিচাপে ধৰা দিছে।
গৱেষণাত প্ৰকাশ পোৱা তথ্য অনুসৰি ক’ভিডৰ আলফা, বিটা, গামা আৰু ডেল্টা ভেৰিয়েণ্টে প্লাষ্টিকজাতীয় পৃষ্ঠতলত গড় হিচাপত ক্ৰমে ১৯১ ঘণ্টা, ১৫৬.৬ ঘণ্টা, ৫৯.৩ ঘণ্টা আৰু ১১৪ ঘণ্টা বৰ্তি থাকিব পাৰে।
ইপিনে, অ’মিক্ৰণ ভেৰিয়েণ্টে প্লাষ্টিকজাতীয় পৃষ্ঠতলত গড় হিচাপত ১৯৩ ঘণ্টা বৰ্তি থাকিব পাৰে।
ছাল আৰু প্লাষ্টিকত দীৰ্ঘ সময় ধৰি বৰ্তি থাকিব পৰা গুণ আৰু ই পূৰ্বৰ ভেৰিয়েণ্টৰ তুলনাত পাতল হোৱা বাবেই ডেল্টা ভেৰিয়েণ্টৰ তুলনাত তিনিগুণ দ্ৰুত গতিত সংক্ৰমণ ঘটাব পাৰে যাৰবাবেই অ’মিক্ৰণৰ ফলত বিশ্বৰ অধিকাংশ দেশত ক’ভিডৰ তৃতীয় ঢৌত অধিক সংখ্যক লোক কম সময়তে সংক্ৰমিত হৈছে।
আৰু পঢ়ক : বনভোজ খাবলৈ গৈ ব্ৰহ্মপুত্ৰত সলিল সমাধি কলিয়াবৰৰ যুৱকৰ