16 C
Guwahati
Saturday, January 15, 2022
More

    অমিক্ৰণৰ লক্ষণ: আপুনি কেনেকৈ জানিব যে আপুনি ভাইৰাছৰ দ্বাৰা সংক্ৰমিত?

    অমিক্ৰণৰ লক্ষণ: আপুনি কেনেকৈ জানিব যে আপুনি ভাইৰাছৰ দ্বাৰা সংক্ৰমিত?

    কৰ’ণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ সমগ্ৰ বিশ্বতে বিয়পি পৰিছে আৰু এই প্ৰকাৰৰ লক্ষণবোৰ এছএআৰএছ-COV-২-ৰ অন্যান্য প্ৰকাৰতকৈ পৃথক।

    মাছিনা হাস্পতালৰ এগৰাকী বিশেষজ্ঞ ডাঃ সোনম চোলাংকীয়ে অমিক্ৰণৰ লক্ষণবোৰ চিনাক্ত কৰিছে যিটো সাধাৰণ ৰাইজৰ বাবে জানিব লগা কথা।

    ‘অমিক্ৰণৰ লক্ষণবোৰ সাধাৰণতে শৰীৰৰ বিষ, দুৰ্বলতা, ভাগৰ, মূৰৰ বিষ আৰু জ্বৰৰ সৈতে আৰম্ভ হয় আৰু অৱশেষত কাহো হ’ব পাৰে। নাকৰ পৰা পানী ওলাই থকা, হাঁচি আদিও ইয়াৰ প্ৰধান লক্ষণ। কাহ সাধাৰণতে শুকান হয় যি পৰৱৰ্তী কেইদিনমানৰ ভিতৰত ভালো হয়’, বিশেষজ্ঞ চোলাংকীয়ে কয়।

    ডাঃ সোনম চোলাংকীয়ে লগতে কয়, ‘বেছিভাগ সময়তে অৰ্থাৎ ৮০ শতাংশ ৰোগীৰ ক্ষেত্ৰত, প্ৰথম ৩ দিনত জ্বৰ ভাল হৈ যায় আৰু যদি নহয়, তেন্তে ই মজলীয়াৰ পৰা গুৰুতৰ সংক্ৰমণৰ লক্ষণ হৈ পৰে যাক নিৰীক্ষণৰ প্ৰয়োজন’।

    তেওঁ লগতে কয় যে সঠিক সময়ত আইছ’লেশ্যন হোৱা আৰু আপোনাৰ পৰিয়ালৰ আৰু আন সদস্যলৈ আপোনাৰ পৰা সংক্ৰমণ বিয়পা প্ৰতিহত কৰাটো গুৰুত্বপূৰ্ণ।

    অমিক্ৰণৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বাহিৰলৈ ওলাই যাওতে মাস্ক পৰিধান কৰাটো অতি জৰুৰী বুলিও মন্তব্য কৰে চোলাংকীয়ে।

    আৰু পঢ়ক : উৰুকাৰ দিনা সংঘটিত ৰেইল দুৰ্ঘটনাত মৃত্যু হোৱা ৯ জনৰ দুজন অসমৰ, নাম প্ৰকাশ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং